২০২৪–২৫ বৰ্ষৰ বাজেট দাখিল অজন্তা নেওগৰ

0 201

বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট
২০২৪–২৫ বৰ্ষৰ বাজেট দাখিল অজন্তা নেওগৰ
বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰীৰ বাজেট ভাষণ
দেশৰ ৫ ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্তিৰ চেষ্টা
‘ভাৰতৰ অৰ্থনীতি ক্ৰমান্বয়ে বিকাশৰ দিশত আগবাঢ়িছে’
‘২০২৩ত দেশৰ অৰ্থনীতিয়ে ৩.৭ ত্ৰিলিয়ন ডলাৰৰ সীমা স্পৰ্শ’
‘২০২৭ৰ ভিতৰত ৫ ত্ৰিলিয়ন ডলাৰৰ সীমা স্পৰ্শ কৰাৰ আশা’
‘আত্মনিৰ্ভৰ অসম চৰকাৰৰ মূলমন্ত্ৰ’
‘ৰাজ্যত ৩৭,৭০০ কোটি টকাৰে ১৮টা প্ৰকল্পৰ কাম কৰি থকা হৈছে’
‘চৰকাৰী ই-মাৰ্কেট ব্যৱস্থাৰে ২০২৩–২৪ত ক্ৰয় ১৫৩২ কোটিলৈ বৃদ্ধি’
‘অৰুণোদয়ত ১ লাখ ৬৫ হাজাৰ ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন’
‘বাজেটত নতুন উদ্ভাৱনীমূলক ধ্বজাবাহী আঁচনি ঘোষণা’
‘১০ লাখ ছাত্ৰীক নামভৰ্তিৰ ক্ষেত্ৰত উদগণিমূলক বিত্তীয় অনুদান’
‘একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ ১০ হাজাৰ টকাকৈ’
‘স্নাতক পৰ্যায়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰীলৈ ১২ হাজাৰ ৫০০ টকাকৈ’
‘স্নাতকোত্তৰৰ প্ৰথম বৰ্ষৰ ছাত্ৰীলৈ ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব’
‘গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ মহিলালৈ ১০ হাজাৰ টকাকৈ’
‘আত্মসহায়ক গোটৰ হিতাধিকাৰীয়ে পাব ২৫ টকাৰ বেংকৰ ঋণ’
‘সময়ত ঋণ পৰিশোধ কৰিলে হিতাধিকাৰীয়ে পাব ১২,৫০০ টকাৰ ৰাজসাহায্য’
‘অৰুণোদয় আঁচনিয়ে সামৰি ল’ব বাওনা সদস্য থকা পৰিয়াল’
‘সামৰি ল’ব চেৰিব্ৰেল পালছি, থেলাছেমিয়া, হেম’ফেলিয়া, কুষ্ঠৰোগীৰ পৰিয়ালকো’
‘অৰুণোদয়ে লাভান্বিত কৰিব ৩০ লাখৰো অধিক পৰিয়ালক’
‘ৰেচন কাৰ্ড থকা পৰিয়ালকো অৰুণোদয় আঁচনি দিয়াৰ প্ৰয়াসৰ পৰিকল্পনা’
‘মাইক্ৰ’ ফাইনেন্সৰ তৃতীয় শ্ৰেণীৰ ঋণ গ্ৰহণকাৰী দুখীয়া মহিলালৈ সাহায্য’
‘১ লাখ চৰকাৰী চাকৰি প্ৰদান কৰিম বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল’
‘এই বৰ্ষৰ জানুৱাৰীলৈ ৯৪,৫০৬ নিবনুৱাক নিযুক্তি প্ৰদান কৰা হৈছে’
‘৩৫,৯১০টা পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে’
‘পৰিয়ালত চৰকাৰী চাকৰি নাথাকিলে ৫% অতিৰিক্ত নম্বৰ লাভ কৰিব প্ৰাৰ্থীয়ে’
‘ৰাষ্ট্ৰীয় ঘাইপথ আৰু গ্ৰাম্য পথৰ মাজত সংযোগী পথ স্থাপনৰ লক্ষ্য’
‘চলিত বৰ্ষত চাহ জনজাতি সম্প্ৰদায়ৰ হিতাধিকাৰীলৈ ১৩ হাজাৰ গৃহ আৱণ্টন’
‘অনাগত ৫ বছৰত আৰক্ষী-কৰ্মচাৰীলৈ ১০ হাজাৰ নতুন গৃহ নিৰ্মাণৰ পৰিকল্পনা’
‘চাফাই কৰ্মীসকলৰ বাবে গৃহ প্ৰদান আঁচনি ঘোষণা বাজেটত’
‘চলিত বৰ্ষত প্ৰথম পৰ্যায়ত নিৰ্মাণ হ’ব ২৫০টা গৃহ’
‘এই বৰ্ষতে আৰম্ভ হ’ব ৫০টা মথাউৰি নিৰ্মাণ, উন্নীত কৰণৰ কাম’
‘অমৃত বৃক্ষৰ অধীনত ৫৩ বিধ মূল্যৱান ১ কোটিৰো অধিক গছপুলি ৰোপণ’
‘ম’বাইল এপৰ জৰিয়তে ৪৮ লাখ নাগৰিকে কৰিছিল পঞ্জীয়ন’
‘এই বছৰত ৩ কোটি গছপুলি ৰোপণ কৰাৰ পৰিকল্পনা’
‘গছপুলি ৰোপণৰ বাবে ৪০ কোটি টকাৰ আৱণ্টনৰ প্ৰস্তাৱ’
‘১০০০ মেগাৱাট সৌৰশক্তি প্ৰকল্প স্থাপনত ভাৰত চৰকাৰৰ অনুমোদন’
‘নতুন বৈদ্যুতিক বাহনৰ পঞ্জীয়ন মাচুল ৰেহাই’
‘মটৰ গাড়ীৰ কৰ ২% হ্ৰাস কৰা হৈছে’
‘২০২৪–২৫ বৰ্ষত গুৱাহাটীত আৰম্ভ কৰিব ১০০খন বিদ্যুৎচালিত বাহন’
‘নিৰ্মাণ হ’বলগীয়া ব্যক্তিগত–চৰকাৰী ভৱনত সৌৰশক্তিৰ ব্যৱস্থা বাধ্যতামূলক’
‘চাহ জনজাতিৰ বাবে চৰকাৰী চাকৰিত ৩% সংৰক্ষণ’
‘গৰ্ভৱতী মহিলাক শ্ৰমিকৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি’
‘২১৮খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন’
‘বাগিচা কৰ্মীৰ পৰিয়ালক বকেয়া বিদ্যুৎ মাচুল ৰেহাই’
‘চাহ জনজাতিৰ ভূমি অধিকাৰ-সংৰক্ষণৰ বাবে ব্যৱস্থা’
‘অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ বাবে ১০ লাখ টকাৰ অনুদান’
‘চলচ্চিত্ৰ-ভ্ৰাম্যমাণৰে জড়িত কলাকুশলীলৈ সাহায্য প্ৰদানৰ প্ৰস্তাৱ’
‘চলচ্চিত্ৰ গৃহ নিৰ্মাণৰ স্থান নিৰ্ধাৰণ কৰিব চৰকাৰে’
‘দিল্লীত অভিলেখ সৃষ্টিকাৰী পৰ্যায়ৰ ব’হাগ বিহু উদযাপনৰ প্ৰস্তাৱ’
‘শ্বহীদ কনকলতা বৰুৱাৰ গৃহ সংগ্ৰহালয়লৈ ৰূপান্তৰৰ পৰিকল্পনা’
‘প্ৰতিখন ভাওনা সমিতিলৈ ২৫ হাজাৰ টকাৰ এককালীন অনুদানৰ প্ৰস্তাৱ’
‘ৰাম বিজয়, অংকীয়া নাট পৰিৱেশন কৰিলে অতিৰিক্ত অনুদানৰ প্ৰস্তাৱ’
৫ হাজাৰ টকা অতিৰিক্ত অনুদানৰ প্ৰস্তাৱ বাজেটত
‘তিতাবৰৰ শ্ৰীশ্ৰীকমলাবাৰী সত্ৰ সংৰক্ষণৰ বাবে ৫ কোটি আৱণ্টনৰ প্ৰস্তাৱ’
‘বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ সংৰক্ষণৰ বাবে ২ কোটিৰ প্ৰস্তাৱ’
‘কাৰ্বি আংলঙৰ তাৰালাংছ’ মহোৎসৱ উদযাপনৰ বাবে ৩ কোটি ধাৰ্য’
বাজেটত ‘পুণ্য তীৰ্থ যোজনা’ ঘোষণা
‘২৫ হাজাৰ তীৰ্থযাত্ৰীক অযোধ্যাৰ ৰাম মন্দিৰলৈ তীৰ্থযাত্ৰাৰ সুবিধা’
‘চলিত বৰ্ষত ৫ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা’
‘চাহ বাগিচা অঞ্চলত ১০০ নতুন আদৰ্শ বিদ্যালয় স্থাপন হ’ব’
‘শিক্ষাৰ্থীৰ বাবে মাচুল ৰেহাই-জলপানি আগবঢ়োৱাৰ পৰিকল্পনা’
‘ডিব্ৰুগড় বিশ্ববিঃ আৰু অন্য শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ বাবে এই পৰিকল্পনা
‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ক ১০০ কোটি টকাৰ অনুদান বাজেটত’
কোকৰাঝাৰত ক্ৰীড়াকেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ
‘৩০০ কোটি টকা ব্যয়ৰে গুৱাহাটীত চন্দ্ৰপুৰ ষ্টেডিয়াম’
‘২০২৪ৰ নৱেম্বৰত হ’ব গোলকীয় বিনিয়োগকাৰীৰ সন্মিলন’
‘গুৱাহাটীত অত্যাধুনিক মুখ্যমন্ত্ৰী সংগ্ৰহালয় নিৰ্মাণৰ লক্ষ্য’
‘আৰক্ষীত অগ্নিবীৰৰ বাবে ১০% পদ সংৰক্ষণৰ ব্যৱস্থা’
‘স্থানীয় প্ৰাৰ্থীৰ বাবে সংৰক্ষিত হ’ব এই ১০% পদ’
‘ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎকৰ্ষ সাধনৰ বাবে ১৫ কোটি টকা ধাৰ্য’
‘২০২৪–২৫ বৰ্ষত ১০০০ খন তাঁতশাল বিতৰণ কৰাৰ সিদ্ধান্ত’

Leave A Reply

Your email address will not be published.