অসমৰ মাটিত মেঘালয় প্ৰশাসনে নিৰ্মাণ কৰিছে ৱাটাৰ কেনেল

চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন চলিয়েই থাকে অসমৰ ভূমিত। মেঘালয়ৰ আগ্ৰাসন কোনো নতুন কথা নহয়। দুয়োখন ৰাজ্যৰ মাজত সীমা বিবাদক লৈ আলোচনা চলি থাকে যদিও তাৰ স্থায়ী সমাধান যেন বহু দূৰত। পুনৰ আগ্ৰাসীৰূপত মেঘালয়। এইবাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত এটা অঞ্চলত আগ্ৰাসন চলাইছে মেঘালয়ে। অসমৰ মাটিত মেঘালয় চৰকাৰে নিৰ্মাণ কৰিছে ৱাটাৰ কেনেল।

ৰাজধানী চহৰ গুৱাহাটীৰ সমীপতে মেঘালয়ৰ আগ্ৰাসন
অসমৰ মাটিত মেঘালয় প্ৰশাসনে নিৰ্মাণ কৰিছে ৱাটাৰ কেনেল
আগ্ৰাসী মেঘালয়, নিৰ্বিকাৰ অসম চৰকাৰ-প্ৰশাসন
চিন্তিত পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীবাৰীৰ বাসিন্দা

অসমত মেঘালয়ৰ আগ্ৰাসন কোনো নতুন কথা নহয়। আগ্ৰাসনক লৈ মাজে–সময়ে বিবাদ–সংঘাত চলি থাকে। সমান্তৰালভাৱে চলি থাকে সমস্যা সমাধানৰ আলোচনা। তাৰ মাজতেই চলে–বলে কৌশলেৰে অসমৰ মাটিত আগ্ৰাসন চলাই আছে। কেতিয়াবা যদি বিদ্যালয় স্থাপন কৰিছে, কেতিয়াবা পথ নিৰ্মাণ কৰিছে। এইবাৰ পশ্চিম গুৱাহাটীৰ অন্তৰ্গত ৰাণীবাৰীত মেঘালয় চৰকাৰে নিৰ্মাণ কৰিছে জলসিঞ্চনৰ নলা। প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে অসমৰ খেতি পথাৰৰ মাজেৰে মেঘালয়ে নিৰ্মাণ কৰিছে এই নলা। যি কাৰ্য দেখি শংকিত–চিন্তিত হৈ পৰিছে স্থানীয় লোকসকল। স্থানীয় সচেতন লোকসকলে এই সন্দৰ্ভত প্ৰশাসনক অবগত কৰিছে যদিও কোনো গুৰুত্ব দিয়া নাই অসমৰ প্ৰশাসনে। অনাগত দিনত অঞ্চলটোত মেঘালয়ে অধিক আগ্ৰাসী ৰূপ ল’ব পাৰে বুলি শংকা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জন্মভূমিৰ ক্ষতি কৰাজন জাতিৰ প্রধান শত্রু : জয়ন্ত মল্লবৰুৱা

মন্ত্ৰীগৰাকীৰ ৰহস্যময় ‘আজিৰ চিন্তা’ ফেচবুক পোষ্টক কেন্দ্ৰ কৰি ৰাজনৈতিক...

প্ৰথম ব্ৰাজিল, তাৰ পাছত ভাৰত… ফিফা বিশ্বকাপৰ সময়ত কি অভিলেখ গঢ়িলে ভাৰতে?

২০২৬ৰ ফিফা বিশ্বকাপত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভাৰতৰ ফুটবলৰ...

ফিফা বিশ্বকাপত ভাৰত কিয় নাই? ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীয়ে কি কয়?

চলি আছে ২০২৬ৰ ফিফা বিশ্বকাপ। আলজেৰিয়াৰ বিৰুদ্ধে লিয়'নেল মেচিৰ...

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...