কাৰ্বি আংলঙৰ বানাক্ৰান্তক খাদ্য সামগ্ৰী যোগান আজমল ফাউণ্ডেচনৰ

বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন ঠাইত বানপানীৰ সৃষ্টি হৈছে। এনে দুৰ্যোগৰ সময়ত আৰ্তজনৰ কাষত থিয় দিলে ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনে। হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ চাৰ্লক, ভেদৌআটি , জংগলব্লক, বালিৰাম, বিনাকান্দি আৰু হোজাই সমষ্টিৰ বাৰফুটিৰ লগতে ভিতৰুৱা অঞ্চল সমূহত আজমল ফাউণ্ডেচনে খাদ্য সামগ্ৰী, ট্ৰিপাল, বিশুদ্ধ খোৱা পানী ইত্যাদি বিতৰণ কৰে। ইয়াৰ উপৰিও আজমল ফাউণ্ডেচনে কাৰ্বি আংলঙৰ অসহায় বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰে। সোমবাৰ আৰু মঙলবাৰে পশ্চিম কাৰ্বি আংলঙত তিনিশৰো অধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী, ট্ৰীপাল আৰু বিশুদ্ধ খোৱা পানী বিতৰণ কৰে আজমল ফাউণ্ডেচনে। আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আৰু সঞ্চালক ড° খচৰুল ইছলামৰ তৎপৰতাত ৰাজ্যৰ বিভিন্ন জিলাৰ বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱা পানী ইত্যাদি যোগান ধৰা হয়। উল্লেখযোগ্য যে, আজমল ফাউণ্ডেচনে পূৰ্বেও প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত থিয় দিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...