টেমছৰ পাৰত হ’ব অনন্ত আম্বানীৰ Post-Wedding পাৰ্টি

বিয়াখন হৈ গ’ল। চৰ্চাও বহুত হ’ল। বহুতে ভাবিছিল ইমানতে শেষ। পিছে শেষ হোৱা নাই হেনো। বিদেশতো পাৰ্টি এটা দিয়াৰ কথা ভাবিছে মাক–বাপেকহালে। টেমছৰ পাৰত হ’ব পাৰ্টি। লণ্ডনত হ’বলগীয়া এই পাৰ্টিকলৈ এতিয়া নতুন চৰ্চা আৰম্ভ হৈছে। এসপ্তাহৰ ভিতৰতে কইনাসহ ব্ৰিটেইনলৈ যাব মুকেশ আম্বানীৰ পৰিয়াল। কিন্তু কিমান ব্যয়বহুল হ’ব পোষ্ট ৱেডিং পাৰ্টি? এই প্ৰশ্ন এই বাবেই আহিছে যে ব্ৰিটেইনবাসী পূৰ্বে এনে এখন ব্যয়বহুল বিবাহৰ সাক্ষী হৈছে যিখন বিয়াত ১৯৮১ চনত ভাৰতীয় টকাৰ মূল্যত ব্যয় হৈছিল ৪০১ কোটি টকা। আজিৰ হিচাপত এই টকাৰ পৰিমান প্ৰায় ৮৩৮০ কোটি। এই বিয়াখন আছিল সেইসময়ৰ ৰাজকুমাৰ আৰু বৰ্তমানৰ ৰজা চাৰ্লচ তৃতীয় আৰু লেডী ডায়েনাৰ বিয়া। বিশ্বৰ আটাইতকৈ ব্যয়বহুল বিয়া হিচাপে পৰিগনিত এই বিয়াৰ অভিলেখ চাৰি দশক ধৰি অক্ষুণ্ণ আছে। বিশ্বৰ ৭৫ কোটি লোকে টেলিভিশ্যনত পোনপটীয়াকৈ চাইছিল চাৰ্লচ–লেডী ডায়েনাৰ বিয়া। চাৰে তিনি হাজাৰ অতিথি আহিছিল বিয়াখনলৈ। এইখন লণ্ডনতে পোষ্ট ৱেডিং পাটি কৰিব অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে। মুকেশ আম্বানীয়ে পাঁচ হাজাৰ কোটি ব্যয়েৰে কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়া পতাক লৈ দেশজুৰি ভাল বেয়া দুয়োটাই চৰ্চা হৈছে।
তোলপাৰ লাগিল সামাজিক মাধ্যম। মূল চৰ্চাৰ বিষয় হ’ল বিলাসীতা। বহুতে কব খুজিছে এখন দৰিদ্ৰতাই কোঙা কৰা দেশত এনে বিলাসী কাৰবাৰৰ নুশুৱায়। কোনোৱাই কৈছে এয়া কেৱল বিয়া নহয়, ব্যৱসায়ীক সাম্ৰাজ্যৰ বিশালতাৰ বহিঃপ্ৰকাশ। ব্যৱসায়ীক সাম্ৰাজ্য প্ৰসাৰৰো উদ্দেশ্য আছে ইয়াৰ মাজত। এনেদৰেই বিভিন্ন দিশেৰে এখন বিয়াক লৈ সপ্তাহ দহ দিন ব্যস্ত থাকিল দেশৰ লগতে বিদেশৰো বহু লোক। এতিয়া প্ৰশ্ন হ’ল ছ’চিয়েল মিডিয়াৰ ছাইট সমূহ কিমান লাভবান হ’ল? কন্টেন হিচাপে নিশ্চয় বহু জনপ্ৰিয় হ’ল। এইবাৰ আহক বিয়া বুলি আম্বানী পৰিয়ালৰ বিলাসীতালৈ। বিয়া বুলি দৰা অনন্ত আম্বানীয়ে হাতত পিন্ধিলে ৬৭ কোটি ৫০ লাখ টকা দামৰ ঘঁড়ী। দৰাই পিন্ধা কোটৰ দাম কেইবা কোটি টকা।

নীতা আম্বানীয়ে পিন্ধা নেকলেচৰ দাম চাৰিশ কোটিৰ পৰা পাঁচশ কোটি। আকাশ আম্বানীৰ বৰ পুত্ৰ আকাশ আম্বানীৰ পত্নী শ্লোকা অম্বানীয়ে পিন্ধা নেকলেচৰ দামো চাৰিশ কোটি। অনন্তৰ ঘনিষ্ঠ বহুজনে লাভ কৰিলে বহু নামী দামী উপহাৰ। বিয়ালৈ অহা শ্বাহৰুখ খান, ৰণবীৰ কাপুৰকে ধৰি বহুজনক উপহাৰ হিচাপে দুকোটি টকীয়া ঘড়ী উপহাৰ দিলে আম্বানী পৰিয়ালে। বহু অতিথিক ৰিটাৰ্ন গিফ্ট হিচাপে দিয়া হ’ল লুই ভিত্তো ব্ৰেণ্ডৰ বেগ, সোণৰ হাৰ, দামী ব্ৰেণ্ডৰ জোতা। জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰৰ তিনি মহলাজুৰি অনুষ্ঠিত হৈছিল বিয়াৰ অনুষ্ঠান। ভাৰতীয় বিবিধ খাদ্য সম্ভাৰৰ লগতে বিশ্বৰ প্ৰায়বোৰ দেশৰ খাদ্যৰে আপ্যায়ন কৰা হয় অতিথিক। প্ৰায় আঢ়ৈ হাজাৰবিধ নিৰামিষ খাদ্য সম্ভাৰ আছিল মেনুত। ইণ্ডোনেচিয়াৰ ৰান্ধনীয়ে তৈয়াৰ কৰিছিল খাদ্যসমূহ। বিয়াৰ এই বিলাসিতাৰ মাজতো কিন্তু মাংগলিক অনুষ্ঠান পালন কৰিছে আম্বানী পৰিয়ালে। বিয়াৰ নিমন্ত্ৰণী পত্ৰও আছিল চকুতলগা। বিয়াৰ প্ৰথমখন নিমন্ত্ৰণী পত্ৰ উৎসৰ্গা কৰা হৈছিল কাশী বিশ্বনাথ মন্দিৰত। তাৰ পিছতে অতিথিৰ বাবে মুকলি কৰা হৈছিল নিমন্ত্ৰণী পত্ৰ। সামাজিক মাধ্যমত ভাইৰেল হোৱা বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ ভিডিঅ’ত দেখা গ’ল ৰঙা ৰঙৰ এটা বাকচত ভিতৰত এটা ৰূপৰ সিংহাসন। বাকচটো খুলিলে জ্বলি উঠিছিল LED লাইট। সেই পোহৰল আলোকিত হৈছিল ৰূপৰ সিংহাসন। তাৰ ভিতৰত আছিল বিষ্ণু, ৰাধা-কৃষ্ণ, দুৰ্গা, গণেশৰ মূৰ্তি, ৰূপৰ ঘণ্টা। আন এটা ৰূপৰ বাকচত ভৰোৱা আছিল বিয়াৰ নিমন্ত্ৰণী পত্ৰ। কিউ ৱাৰ কোড ব্যৱহাৰ কৰি বহু অতিথিক নিমন্ত্ৰণ জনাইছিল আম্বানী পৰিয়ালে। এই বিয়াৰ অনুষ্ঠানত ১৪ হাজাৰ অতিথি উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, চন্দ্ৰবাবু নাইডু আদিও উপস্থিত হৈছিল। বলীউডৰ তাৰকাৰে ভৰি পৰিছিল অনন্ত-ৰাধিকাৰ বিবাহ অনুষ্ঠানত। দুই শংকৰাচাৰ্য, জগদগুৰু ভীমাভদ্ৰাচাৰ্য, ৰামদেৱ আদি উপস্থিত হৈছিল। শংকৰাচাৰ্যক নীতা আম্বানী, মুকেশ আম্বানীয়ে সাত্তিক ভাৱেৰে আদৰণি জনাইছিল। বিদেশৰ অতিথিও আমন্ত্ৰিত হৈছিল অনুষ্ঠানলৈ। প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিশ জংচন, টনি ব্লেয়াৰো উপস্থিত হৈছিল বিবাহ অনুষ্ঠানত। কিন্তু ইয়াৰ মাজতো ব্যতিক্ৰম ৰূপত বিবাহস্থলীত উপস্থিত হৈছিল ইনফ’চিছোৰ স্বত্বাধিকাৰ নাৰায়ণ মূৰ্তিৰ পত্নী, ৰাজ্যসভাৰ সাংসদ, স্বনামধন্য লেখিলা সুধা মূৰ্তি। এখন বেঙুণীয়া ৰঙৰ শাৰী, মংগলসুত্ৰ পিন্ধি বিবাহস্থলীত উপস্থিত আছিল সুধা মূৰ্তি। কিন্তু সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ আছিল সুধা মূৰ্তি। বিবাহস্থলীত উপস্থিত হৈছিল শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰসিং ধোনী, ৰবিন্দ্ৰ জাদেজাসহ বহু তাৰকা। মুঠতে ৰমক জমক, বিলাসী আয়োজনে চকু কাঢ়িছিল সকলোৰে।

কিন্তু, এই বিবাহ অনুষ্ঠানলৈ আমন্ত্ৰণ পায়ো নাহিল ৰাহুল গান্ধী, ছোনিয়া গান্ধী। মুকেশ আম্বানীয়ে নিজে গৈ আমন্ত্ৰণ কৰাৰ পিছতো বিলাসী বিবাহ অনুষ্ঠান ত্যাগ কৰিলে ৰাহুল, ছোনিয়াই। প্ৰধানমন্ত্ৰী মোদীসহ দেশৰ প্ৰভাৱশালী ৰাজনৈতিক নেতা উপস্থিত থকাৰ পিছতো এক স্থিতিত অটল থাকিল ৰাহুল–ছোনিয়া। বলীউডৰ একাংশ তাৰকায়ো উপস্থিত নহ’ল বিবাহ অনুষ্ঠানত । বিবাহ অনুষ্ঠানলৈ গৈ একাংশ লোক অসন্তুষ্ট হোৱাৰ অভিযোগ উঠিল। মুকেশ আম্বানীৰ পৰিয়ালৰ ঘনিষ্ঠ বুলি পৰিচিত অক্ষয় কুমাৰ অপমানিত হোৱা বুলি চৰ্চা হৈছে। এই চৰ্চা অৱশ্যে সামাজিক মাধ্যমত। কোভিডত আক্ৰান্ত হৈছিল অক্ষয় কুমাৰ। নিগেটিভ বুলি ৰিপ’ৰ্ট পোৱাৰ পিছত বিয়ালৈ গৈছিল। তথাপি নেটিজেনৰ প্ৰশ্ন– আপুনি এয়া কৰি কৰিলে? বিয়াৰ কাৰণে আপোনাৰ কোভিড নাইকিয়া হৈ গ’ল নেকি? মাস্ক নিপিন্ধাকৈ কিয় আহিল? এনে চৰ্চাক লৈ অসন্তুষ্ট হৈছে অক্ষয় কুমাৰ। সেয়া যিয়েই নহওক, এইবাৰ সকলোৰে দৃষ্টি টেমছ নদীৰ পাৰত। টেমছৰ পাৰত কিদৰে অনুষ্ঠিত হ’ব প’ষ্ট ৱেডিং পাৰ্টী।

Popular

More like this
Related

৩ মহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা খহি...

গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ

আজি গণেশ চতুৰ্থী। গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ।...

উত্তৰ-পূৱ বেডমিণ্টন: দলীয় শাখাৰ ছেমিত অসমৰ পুৰুষ-মহিলা, ল’ৰা-ছোৱালী

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...

জীৱনৰ নতুন অধ্যায় আৰম্ভণিৰ বাবে সাজু ৰণবীৰ-দীপিকা

শীঘ্ৰে পিতৃ-মাতৃৰ পৰিচয়েৰে পৰিচিত হ’ব বলিউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং...