মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই আৰম্ভ হ’ব নীলাচলৰ বুকুত মহোৎসৱ

আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই আৰম্ভ হ’ব নীলাচলৰ বুকুত মহোৎসৱ। ভক্তৰ সমাগমেৰে ঠাই নোহোৱা হৈছে নীলাচলৰ বিশাল বক্ষ। প্ৰৱেশ দ্বাৰ বন্ধ কৰাৰ পূৰ্বেই মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তৰ ভিৰ কামাখ্যা দেৱালয়ৰ চৌহদত।

মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই আৰম্ভ হ’ব নীলাচলৰ বুকুত মহোৎসৱ
ভক্তৰ সমাগমেৰে ঠাই নোহোৱা হৈছে নীলাচলৰ বিশাল বক্ষ
প্ৰৱেশ দ্বাৰ বন্ধ কৰাৰ পূৰ্বেই মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তৰ ভিৰ
২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত মহাযোগ
পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি
২৬ জুনৰ নিশা ৯ বাজি ৮ মিনিটত নিবৃত্তি

বাজি উঠিছে অনিৰুদ্ধ শংখ
বাজি উঠিছে ঢাক-ঢোল
ভক্তৰে ভৰিছে নীলাচলৰ বুকু
উদুলি মুদুলি মা কামাখ্যা ধাম
আৰু মাত্ৰ কেইটামান ক্ষণ, আৰম্ভ হ’ব অম্বুবাচীৰ মহাযোগ। এয়া সুউচ্চ নীলাচল। বাবা ব্ৰহ্মপুত্ৰৰ কাষতে থিয় দি নীলাচলৰ বক্ষত ভক্তৰ আৱাহন শুনিবলৈ সাজু মা কামাখ্যা ধাম। শনিবাৰে পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত আৰম্ভ প্ৰবৃত্তি। বন্ধ হ’ব কামাখ্যা দেৱালয়ৰ দ্বাৰ। মাৰ দৰ্শনৰ বাবে নীলাচলৰ বুকুতে পৰ দি থাকিব এইসকল ভক্ত দুৱাৰ খোলালৈ। মাৰ আৰাধনাৰ বাবে এইদৰেই উপগত হৈছে ভক্ত। সাধু সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা ধাম। নীলাচলৰ নামনিৰ পৰা পাহাৰৰ চূড়ালৈকে এতিয়া মাথোঁ ব্যস্ততা অপাৰ।বিভিন্ন ধৰণৰ বিপনীৰে সজ্জিত হৈছে নীলাচলৰ নামনি। শাৰী শাৰীকৈ সাজিছে মিঠাইৰ বাকচ। পূজাৰ বিভিন্ন সামগ্ৰী ঘট, ফুল, ফল সকলো আছে। মাৰ দৰ্শনৰ বাবে বহিঃ ৰাষ্ট্ৰৰ পৰাও সন্ন্যাসী আহিছে। প্ৰায় ২০ বছৰে কামাখ্যা ধামলৈ এইজন মহাৰাষ্ট্ৰৰ ভক্তৰ চলিছে অহা যোৱা। NKTVক জনালে ভক্তৰ মনৰ কথা।

কামাখ্যাধামত মাৰ আশীষ ল’বলৈ সমবেত ভিন্ন ৰূপী বাবা, সাধু, সন্ত। গায়ে ভস্ম ধূলা সানি সকলো যেন দিগম্বৰ। আহিছে কিন্নৰসকলো। নাচিছে, গাইছে। কলিকতাৰ পৰা অহা ভক্তই সদৰী কৰিছে বক্তব্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰাও আহিছে মানুহ।

পৰিশীলিত পৰিচালনাৰ বাবে আছে স্কাউট গাইডৰ কেডেটসকল। আছে ৰোভাৰ ৰেঞ্জাৰ সকলো। প্ৰশাসনে মোতায়েন কৰিছে বিশাল আৰক্ষী বাহিনীও। মুঠৰ ওপৰত সাজু কামাখ্যা ধাম, সাজু নীলাচল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...