পৰিয়ালৰ সৈতে UAEত আছে আশ্ৰাফ ঘানি

তেওঁ তিনিদিন পূৰ্বে দেশৰ পৰা পলাই গৈছিল। তাৰ পিছত, তেওঁৰ আৰু কোনো শুংসুত্ৰ নাই। এবাৰ প্ৰকাশ পাইছিল যে আফগানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে ইউএইত আশ্ৰয় লৈছিল। মানৱ অধিকাৰৰ বাবে সেই দেশৰ চৰকাৰে তেওঁক আশ্ৰয় দিছিল।

আমিৰাতৰ বৈদেশিক মন্ত্ৰালয়ে বুধবাৰে সন্ধিয়া ঘানিক আশ্ৰয় দিয়াৰ কথা ঘোষণা কৰিছিল। লিখিত বিবৃতিটোত কোৱা হৈছে, “ইউ.এ.ই. বৈদেশিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বিভাগে আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানি আৰু তেওঁৰ পৰিয়ালক মানৱীয়তাৰে আশ্ৰয় দিছে।”

তালিবানে কাবুল দখল কৰাৰ পিছত ঘানিয়ে দেওবাৰে দেশ ত্যাগ কৰিছিল। প্ৰথমে শুনা গৈছিল যে তেওঁ আশ্ৰয় বিচাৰি তাজিকিস্তানলৈ গৈছিল। কিন্তু সেই দেশৰ চৰকাৰে তেওঁক ঘূৰাই পঠিয়াইছিল। তাৰ পিছত ঘানি ওমানত আছিল বুলিও খবৰ পোৱা গৈছিল।

এই মুহূৰ্তত, ঘানি এজন প্ৰাক্তন ৰাষ্ট্ৰ নেতা যাক ‘Persona non grata’ বুলি অভিহিত কৰা হৈছে। কূটনীতিৰ ভাষাত, ইয়াৰ অৰ্থ হৈছে এজন ৰাষ্ট্ৰ নেতা, বিশিষ্ট ব্যক্তি বা কূটনীতিবিদ যাক সকলো দেশত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়। ইয়াৰ পূৰ্বে ২০১৭ চনত থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইংলাক চিনাওত্ৰাই ডুবাইত আশ্ৰয় পাইছিল। স্পেইনৰ ৰজা জুয়ান কাৰ্লোছে যোৱা বছৰ ইউ.এ.ই.ত আশ্ৰয় লৈছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজীৰ ভুট্টো ২০০৭ চনত পাকিস্তানত মৃত্যু হোৱাৰ পূৰ্বে সুদীৰ্ঘ আঠ বছৰ ধৰি ইউএইত আছিল।

অৱশ্যে, ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ আফগানিস্তানত তালিবান শাসনক ৰাজহুৱাভাৱে সমৰ্থন কৰা তিনিখন দেশৰ ভিতৰত ইউ.এ.ই. অন্যতম। বাকী কেইখন দেশ হৈছে চৌদি আৰৱ আৰু পাকিস্তান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...