হোৱাইট হাউচৰ বাহিৰত তীব্ৰ প্ৰতিবাদ; আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে জগৰীয়া জ’ বাইডেন

আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনক জগৰীয়া কৰিছে আমেৰিকাত থকা আফগানী নাগৰিকসকলে। হোৱাইট হাউচৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আফগান নাগৰিকসকলে ৰাষ্ট্ৰপতি বাইডেনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। মাৰ্কিন ৰাষ্ট্ৰপতিয়ে এই সংবেদনশীল বিষয়টোত যথোচিত গুৰুত্ব নিদিয়া বাবেই তালিবানে অনায়াসে ৰাজধানী কাবুলসহ সমগ্ৰ আফগানিস্তান দখল কৰা বুলি জ’ বাইডেনক জগৰীয়া কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতিয়ে সময় মতে ব্যৱস্থা গ্ৰহণ কৰা হ’লে তালিবানে আফগানিস্তান দখল কৰিবলৈ সক্ষম নহ’লেহেঁতেন বুলি মন্তব্য কৰে প্ৰতিবাদী আফগান নাগৰিকসকলে। মাৰ্কিন ৰাষ্ট্ৰপতিয়ে আফগানিস্তানক প্ৰতাৰণা কৰা বুলি তেওঁলোকে অভিযোগ কৰে।

আশ্ৰফ ঘানী চৰকাৰক ওফৰাই আফগানিস্তান তালিবানে দখল কৰাৰ পিছত সমগ্ৰ দেশজুৰি এতিয়া শংকা আৰু আতংক। তালিবানী নীতিৰে দেশ শাসনৰ প্ৰস্তুতি চলোৱাৰ সময়তে তালিবানক লৈ শংকিত হৈ পৰিছে সমগ্ৰ দেশবাসী। দেশখনত থকা আন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকসকলো নিৰাপত্তাহীনতাত ভুগিছে। ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ নাগৰিকে আফগানিস্তান ত্যাগৰ বাবে তৎপৰ হৈ পৰিছে যদিও যাতায়াতৰ সমস্যা গভীৰ হৈ পৰিছে। বিদেশী নাগৰিকসকলে দেওবাৰৰ পৰা বিমানবন্দৰলৈ ঢাপলি মেলিছে যদিও সাময়িকভাৱে বিমান চলাচল বন্ধ কৰি দিয়া হৈছে। ফলত বিমান বন্দৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিছে বিভিন্ন দেশৰ হেজাৰ হেজাৰ নাগৰিক। চৌদিশে বোমা–বাৰুদ আৰু মৰ্টাৰ-ৰকেটৰ শব্দই পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। কেৱল সাধাৰণ নাগৰিকেই নহয় আফগানিস্তানত নিৰাপত্তহীনতাত ভুগিছে উচ্চপদস্থ বিষয়া আৰু ৰাজনৈতিক নেতাসকলো। ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীৰ পলায়নৰ পিছত দেশখনৰ আন কেবাজনো সাংসদে আশ্ৰয় বিচাৰি ভাৰতলৈ অহা প্ৰস্তুতি চলাইছে যদিও তেওঁলোকে এতিয়াও আফগানিস্তানৰ পৰা ওলাই আহিবলৈ সমক্ষ হোৱা নাই। অৱশ্যে দেওবাৰে তালিবানে কাবুল দখলৰ পূৰ্বে কেইবাজনো আফগান ৰাজনৈতিক নেতাই ভাৰতত উপস্থিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং: আজিৰে পৰা জুনিয়ৰ, ছাৱ-জুনিয়ৰ শাখাৰ খেল

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা...

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...