মহাকাশত সৌৰ গৱেষণাগাৰ স্থাপনৰ দিশত অগ্রসৰ ভাৰত। চন্দ্রযান-৩ অভিযানৰ সাফল্যৰ পাছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সূৰ্যলৈ মহাকাশ প্রেৰণ কৰি সৃষ্টি কৰিলে বিৰল অভিলেখ। সফল উৎক্ষেপণৰ পাছত পৃথিৱীৰ পৰা সূৰ্য অভিমুখে ৰাওনা হৈছে ইছৰোৰ মহাকাশ যান।
জোনবাইত সাফল্যৰ পাছত এইবাৰৰ বেলিলৈ ডেউকা মেলিলে ইছৰোৰ মহাকাশ যানে
শ্ৰীহৰিকোটাৰ পৰা সূৰ্য অভিমুখে ধাৱমান ‘আদিত্য-L1’ মহাকাশ যান
PSLV-C57 ৰকেটেৰে মহাকাশলৈ সফল উৎক্ষেপণ ‘আদিত্য- L1’
ৰকেটৰ পৰা বিচ্ছিন্ন হৈ নিজস্ব গতি লৈছে ‘আদিত্য- L1’-এ
এই সফল উৎক্ষেপণেৰে মহাকাশ গৱেষণাত ন ইতিহাস সৃষ্টি ভাৰতৰ
জাপান, নাছা, ইউৰোপীয়ান স্পেচ এজেন্সী, চীনৰ পাছত সাফল্য ভাৰতৰ
চন্দ্রত সাফল্যৰ ১০ দিন পাছতে সূৰ্যলৈ বুলি সৌৰ অভিযানত সফল ভাৰত। সূৰ্যক লৈ গৱেষণাৰ বাবে ভাৰতে সফলতাৰে মহাকাশলৈ প্ৰেৰণ কৰিলে ‘আদিত্য- L1’ মহাকাশ যান। শনিবাৰে দুপৰীয়া ১১.৫০ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্রৰ পৰা ইছৰোই PSLV-C57 ৰকেটেৰে মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰে এই মহাকাশ যান। আদিত্য- L1 হ’ল সূৰ্যৰ দিশে ভাৰতৰ প্রথমখন মহাকাশ যান। সূৰ্যৰ আন এটা নাম আদিত্যৰ নামেৰে নামকৰণ এই মহাকাশ যানৰ। এই সাফল্যত উৎফুল্লিত ইছৰোৰ বিজ্ঞানী মহলো।
‘আদিত্য- L1’ৰ সফল উৎক্ষেপণক লৈ ভাৰতজুৰি আনন্দৰ লহৰ
ভাৰতৰ বিভিন্ন স্থানৰ পৰা LIVE ষ্ট্ৰীমত এই দৃশ্য প্রত্যক্ষ কৰে অসংখ্যজনে
সূৰ্য-পৃথিৱীৰ মাজৰ মধ্যাকৰ্ষণশূন্য এলেকা লেগ্রাঞ্জ পইণ্ট L1ত অৱস্থান কৰিব এই মহাকাশ যানে
সূৰ্য অভিমুখে প্ৰায় ১৫ লাখ কিঃমিঃ দূৰত্ব অতিক্রণ কৰিব ‘আদিত্য- L1’
প্ৰধানমন্ত্ৰীৰ লগতে বিভিন্নজনৰ প্রশংসাৰ জোৱাৰ ইছৰোলৈ
ইছৰোৰ সূত্রমতে উৎক্ষেপণৰ পৰৱৰ্তী প্রায় ১৬টা দিন পৃথিৱীৰ চৌপাশে ডিম্বাকৃতিৰ কক্ষপথত পৰিভ্রমণ কৰিব ‘আদিত্য- L1’এ। এই ১৬ দিনত সূৰ্য অভিমুখে যাত্ৰাৰ বাবে ৫টা পৰ্যায়ত গতিবেগ বৃদ্ধি কৰিব যানখনে। তাৰ পাছত কমেও ১১০ দিন সূৰ্য অভিমুখে গতি কৰি পৃথিৱীৰ পৰা ১৫ লাখ কিঃমিঃ দূৰত থকা লেগ্রাঞ্জ পইণ্টত অৱস্থান কৰিব আদিত্য- L1 । আদিত্য- L1 উৎক্ষেপণৰ সময়ত শ্ৰীহৰিকোটাত উপস্থিত থকা তেজপুৰ বিশ্ববিদ্যালয়ৰ জ্যেতিৰ্বিজ্ঞান ড০ কিশোৰ বৰুৱাই অভিযানটোৰ সন্দৰ্ভত এইদৰে কয়।
‘আদিত্য- L1’ত সংলগ্ন আছে ৭টা পেল’ড যন্ত্র
সূৰ্যৰ বতৰ-উত্তাপ, সৌৰ পদাৰ্থৰ নিঃসৰণ, সৌৰ ধুমুহা নিৰীক্ষণ কৰি এই যন্ত্রকেইটাই
তাত থকা ভিজিবল এমিশ্যন লাইন কৰ’ণাগ্ৰাফী যন্ত্রই প্ৰতিদিনে তুলিব ১,৪৪০খন ফটো
এই অভিযানৰ বাজেট হৈছে ৩৭৮.৫৩ কোটি টকা
এই অভিযানৰ গৱেষণা সফল হ’লে সৌৰ ধুমুহাৰ বিষয়ে পূৰ্বাভাষ দিবলৈ সক্ষম হ’ব ইছৰো। সূৰ্যৰ বতৰ পৰিৱৰ্তনৰ বিভিন্ন দিশ সন্দৰ্ভতো এই গৱেষণাই আলোক সন্ধানী তথ্য দিব বুলি আশা কৰা হৈছে। সূৰ্য সন্দৰ্ভত অলেখ নজনা কথাৰো সম্ভেদ দিব ‘আদিত্য- L1’এ।
Поиск в гугле