সূৰ্যমুখী ভাৰতৰ অভিযানত এগৰাকী অসম কন্যা ড০ ঐশ্বন্যা শৰ্মা

সূৰ্য অভিমুখে ৰাওনা হোৱা আদিত্য L1 অভিযানত যুক্ত হৈ আছে এগৰাকী অসম কন্যা। বাহনা কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ ঐশ্বন্যা শৰ্মা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এই আশাব্যঞ্জক অভিযানত জড়িত হোৱাৰ বাতৰিয়ে অসমবাসীক গৌৰৱান্বিত কৰিছে।

সূৰ্যমুখী ভাৰতৰ অভিযানত এগৰাকী অসম কন্যা ড০ ঐশ্বন্যা শৰ্মা
আদিত্য L1 মহাকাশযান অভিযানত জড়িত বাহনা কলেজৰ সহঃ অধ্যাপিকা ঐশ্বন্যা
আদিত্য L1ত সংলগ্ন Solar Ultra Violet Imaging Telescopeৰ তথ্য অধ্যয়ন কৰিব তেওঁ
বাহনা কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে উপভোগ কৰিলে আদিত্য L1 উৎক্ষেপণৰ বিৰল মুহূৰ্ত

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চন্দ্ৰযান–৩ অভিযানত কেইবাগৰাকী অসম সন্তান জড়িত থকাৰ বাতৰি প্ৰকাশ হৈছিল। এইবাৰ ISROৰ আশাসুধীয়া সূৰ্য অভিযানতো অসমৰ গৱেষক জড়িত থকাৰ বাতৰি আহিছে। শনিবাৰে শ্ৰীহৰিকোটাৰ পৰা সূৰ্য অভিমুখে ৰাওনা হোৱা আদিত্য L1 মহাকাশযানৰ সফল উৎক্ষেপণত ইতিমধ্যে সফল হৈছে ISROৰ বিজ্ঞানী। এই সফল অভিযানত অসমৰ এগৰাকী গৱেষক বাহনা কলেজৰ ড০ ঐশ্বন্যা শৰ্মা জড়িত থকাৰ বাতৰিয়ে অসমবাসীক গৌৰৱাম্বিত কৰিছে।

২০১৫ চনৰ পৰাই আদিত্য L1 অভিযানৰ সৈতে জড়িত ড০ ঐশ্বন্যা
পুনেস্থিত IUCAAৰ জ্যেষ্ঠ বিজ্ঞানী দুৰ্গেশ ত্ৰিপাঠীৰ সহকাৰী হিচাপে কৰ্মৰত ঐশ্বন্যা
আদিত্য L1ত সংলগ্ন SUIT নামৰ টেলিস্কোপৰ মুখ্য অনুসন্ধানকাৰী বিজ্ঞানী ত্ৰিপাঠী
আদিত্য L1ৰ সফল উৎক্ষেপণত ঐশ্বন্যা জড়িত হোৱাৰ আনন্দৰ লহৰ বাহনা কলেজত

বৰ্তমান বাহনা কলেজত পদাৰ্থ বিজ্ঞান বিভাগৰ সহঃ অধ্যাপিকা ড০ ঐশ্বন্যাই আজি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে আদিত্য L1 সফল উৎক্ষেপণৰ বিৰল দৃশ্য প্ৰত্যক্ষ কৰে। সেই ঘটনাই মহাবিদ্যালয়খনত সৃষ্টি কৰে আনন্দৰ লহৰ।

আদিত্য L1 অভিযানে সূৰ্য সন্দৰ্ভত আমাক নতুন তথ্যৰ যোগান ধৰিব বুলি দেশৰ বিজ্ঞানীসমাজ আগ্ৰহেৰে বাট চাই আছে। এই অভিযানত অসম কন্যা ড০ ঐশ্বন্যাৰ অৰিহনা থকাতোৱেই নিশ্চিতভাবে গৌৰৱান্বিত কৰিছে অসমবাসীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...