আই এন ডি আই এৰ তিনি সহস্রাধিক লোকৰ এন ডি এত যোগদান

দেশৰ কাৰণে অপবিত্র সকল একত্ৰিত হৈছেঃ ভৱেশ কলিতা

মুখ্য মুখপাত্ৰৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ

ভাৰতীয় জনতা পাৰ্টিৰ নীতি, আদৰ্শ আৰু প্ৰধামনন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বলিষ্ঠ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ আজি সদৌ অসম বেংগলী ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি তথা তৃণমূল কংগ্ৰেছৰ প্রাক্তন ৰাজ্যিক উপ সভাপতি শ্যামল সৰকাৰ, প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক দেৱদাস সৰকাৰ, সম্পাদক ৰূপম দাসকে আদি কৰি প্ৰায় তিনি সহস্রাধিকলোকে আজি বিজেপিত যোগদান কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত যোগদান কাৰ্যসূচীত ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোঁহাই, যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতা, ৰাজ্যিক কোষাধক্ষ্য ৰাজকুমাৰ শৰ্মাৰ লগতে দলীয় কার্যকর্তা সকল উপস্থিত থাকে। নবাগত সকলক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই শ্ৰী কলিতাই কয়, ভাৰতীয় জনতা পাৰ্টিয়ে জন্মলগ্নৰে পৰা সদায়েই ৰাষ্ট্ৰৰ হিতৰ কাৰণে কাম কৰি আহিছে আৰু আগলৈয়ো কৰি যাব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৪ চনৰ পৰা দেশত অভূতপূর্ব বিকাশ হৈছে। ইয়াৰ আগেয়ে প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীদেৱৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে দেশ পৰিচালনাৰ সুযোগ লাভ কৰি এখন শক্তিশালী, সমৃদ্ধিশালী ভাৰতবৰ্ষৰ ভেঁটি প্রতিষ্ঠা কৰিছিল। একেদৰে ২০১৬ চনৰ পৰাই অসমতো ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত সৰ্বাংগীন উন্নয়নৰ ঢৌ বৈছে।

ভাষণ প্ৰসংগত বিৰোধী মৰ্চাৰ আই এন ডি আই এক শ্রী কলিতাই সমালোচনা কৰি কয়, দেশৰ কাৰণে অপবিত্ৰ সকল এতিয়া একগোট হৈছে। পশ্চিম বংগত অনুষ্ঠিত হৈ যোৱা সাধাৰণ পঞ্চায়ত নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ পৃষ্ঠপোষকতাত শ শ লোকক নৃশংসভাৱে হত্যা কৰা হৈছিল। কংগ্ৰেছে দলে স্বাধীনতাৰ পিছৰ পৰা দেশৰ নাগৰিকক লুট কৰাই নহয় উন্নয়নৰ পৰাও বঞ্চিত কৰি ৰাখিছিল। লালু প্ৰসাদ যাদৱৰ কেলেংকাৰী বিষয়ে সমগ্ৰ দেশৰ নাগৰিকেই জ্ঞাত। গতিকে এনে দুৰ্নীতিগ্ৰস্ত দলৰ মাজত হোৱা মিত্ৰতা অশুভৰ প্ৰতীক। দেশৰ প্ৰতিজন নাগৰিকেই ভাৰতীয় জনতা পাৰ্টিক অন্তৰৰ পৰা আকোৱালি লৈছে সেয়ে এনে অশুভ মিত্ৰতাক লৈ বিজেপি চিন্তিত নহয় বুলিও কলিতাই মন্তব্য কৰে। আনহাতে ৰাজ্যিক বিজেপিৰ নৱ নিযুক্ত মুখ্য মুখপাত্র মনোজ বৰুৱাই আজি দলৰ সংবাদকক্ষত উপস্থিত থাকি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। অনুষ্ঠানত সাধাৰণ সম্পাদক পল্লৱ লোচন দাসৰ লগতে সতীর্থ মুখপাত্র আৰু পেনেলিষ্ট সকল উপস্থিত থাকে। দায়িত্বভাৰ গ্ৰহণ কৰি বৰুৱাই কয়, মুখ্য মুখপাত্ৰৰ দৰে দলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ পদবীত নিযুক্তি প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক আন্তৰিক ধন্যবাদ জনাইছোঁ। অনাগত দিনত জ্যেষ্ঠ সকলৰ পৰামৰ্শ আৰু কনিষ্ঠ সকলৰ সহায়-সহযোগিতাৰে নিশ্চয় এই দায়িত্ব সফলতাৰে পালন কৰিবলৈ সক্ষম হ’ম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...