আত্মসহায়ক গোটৰ পৰিৱৰ্তনশীল ভূমিকাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিবে

দুদিনীয়া অসম ভ্ৰমণত অসমৰ মহিলা আত্মসহায়ক গোটৰ পৰিৱৰ্তনশীল ভূমিকাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিব হৰি ৰঞ্জন ৰাৱে

ভূয়সী প্ৰশংসা কৰিলে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমৰ কাম-কাজকো

দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান (DAY-NULM)ৰ সামাজিক সংগঠন আৰু প্ৰতিষ্ঠান উন্নয়ন উপাদানৰ অধীনত অসমৰ মহিলা আত্মসহায়ক গোটসমূহৰ কাৰ্য্যকৰী গতিশীলতাৰ বিষয়ে এক সম্যক অধ্যয়নৰ বাবে প্ৰধানমন্ত্ৰী সচিবালয়ৰ অতিৰিক্ত সচিব হৰি ৰঞ্জন ৰাৱে যোৱা ২০ আৰু ২১ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰে।

এই ভ্ৰমণৰ সময়ত অতিৰিক্ত সচিবগৰাকীয়ে ২০টা আত্মসহায়ক গোটেৰে গঠিত আলোড়ন এৰিয়া লেভেল ফেডাৰেচন, ৫টা আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত ঈশ্বৰী ধূপকাঠী উৎপাদন গোট আৰু গুৱাহাটীৰ প্ৰয়াস আত্মসহায়ক গোটৰ কাম-কাজ সূক্ষ্মভাৱে পৰিদৰ্শন কৰে। অতিৰিক্ত সচিবগৰাকীয়ে আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে অন্তৰংগতাৰে তেওঁলোকৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ দৈনন্দিন জীৱনত ইয়াৰ প্ৰভাৱৰ বিষয়ে সম্যক ধাৰণা লাভ কৰে।

তদুপৰি অতিৰিক্ত সচিব ৰাৱে গুৱাহাটীৰ নগৰীয়া গৃহহীনৰ আশ্ৰয়গৃহটিও (ছেল্টাৰ ফৰ আৰ্বান হোমলেছ) পৰিদৰ্শন কৰে। গুৱাহাটী পৌৰ নিগম আৰু ভাৰতীয় শিশু কল্যাণ পৰিষদৰ সহযোগত পৰিচালিত এই আশ্ৰয়গৃহত ২০ গৰাকী লোকৰ বাবে আশ্ৰয়ৰ ব্যৱস্থা আছে। ভ্ৰমণৰ সময়ত তেওঁ ষোল্লগৰাকী বয়োজ্যেষ্ঠ তথা শাৰিৰীকভাৱে অসুস্থ আৱাসীৰ সৈতে মত বিনিময় কৰে।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিবগৰাকীৰ সৈতে ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমৰ অভিযান সঞ্চালক পঞ্চমী চৌধুৰীকে ধৰি অন্যান্য বিষয়াসকলে উপস্থিত আছিল।

এই কাৰ্যসূচীৰ পূৰ্বে অতিৰিক্ত সচিবগৰাকীয়ে বাক্সা আৰু নলবাৰী জিলা ভ্ৰমণ কৰি জিলা দুখনত বিকশিত ভাৰত সংকল্প যাত্ৰা আৰু পিএম-স্বনিধি আঁচনিৰ বিস্তৃত পৰ্যালোচনা কৰে। এই ভ্ৰমণত তেওঁৰ সৈতে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমৰ অভিযান সঞ্চালক পঞ্চমী চৌধুৰীয়েও অংশগ্ৰহণ কৰে।

নিজৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিবগৰাকীয়ে অসমৰ মহিলা আত্মসহায়ক গোটসমূহৰ কাম-কাজত বিশেষভাৱে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ লগতে দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ কাম-কাজৰো প্ৰশংসা কৰে আৰু সামাজিক সংগঠিতকৰণ তথা প্ৰাতিষ্ঠানিক উন্নয়নৰ ক্ষেত্ৰত সংস্থাটোৰ নিষ্ঠা আৰু প্ৰভাৱশালী কামৰ শলাগ লয়।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...