ভ্ৰাম্যমান থিয়েটাৰৰ ভিতৰচ’ৰাত প্ৰকৃততে কি চলে?

ভ্ৰাম্যমান জগতৰ এটা খবৰে আকৌ এবাৰ সৰ্বত্ৰে চৰ্চাৰ সৃষ্টি কৰিছে। কভিডকালীন পৰিস্থিতিৰ অৱসান ঘটাত পুনৰ ভ্ৰাম্যমাণ যাত্ৰা আৰম্ভ হৈছিল। স্তব্ধ হৈ যোৱা শিল্প-সংস্কৃতি পুনৰ জীপাল হৈ উঠিছিল। এনে সময়তে এগৰাকী অভিনেত্ৰীয়ে এইবাৰ গুৰুতৰ অভিযোগ আনিছে। অভিনেত্ৰী দিবাশ্ৰী গগৈয়ে উদয়ন থিয়েটাৰত নথকাৰ সিদ্ধান্ত লৈছে। নাট্যযাত্ৰাৰ মাজতে কিয় এনে সিদ্ধান্ত লৈছে অভিনেত্ৰীগৰাকীয়ে, সেই সন্দৰ্ভত নিজেই ৰাজহুৱা কৰিছে।

অভিনেত্ৰীগৰাকীয়ে লিখিছে- ”এটা বিশেষ কথাৰ কাৰণে এই পোষ্টটো লিখিছোঁ। আপোনালোক সকলো জ্ঞাত যে, মই এই বষৰ্টো উদয়ন থিয়েটাৰৰ সৈতে জড়িত হৈ আছিলো। উৰুকাৰ নিশা মোৰ লগত ঘটি যোৱা এটা ঘটনাৰ কথা শুনক। ৰাতি প্ৰায় ১০.২৫ বাজিছে। “সীতাৰ অগ্নি পৰীক্ষা” নাটকৰ শেষৰ গানটোত পৰিৱেশন কৰি আছো। এটা ষ্টেজৰ পৰা আনটো ষ্টেজলৈ যাওঁতে গ্ৰীণ ৰূমত থকা মোৰ ভণ্টিজনীয়ে ক’লে যে মোৰ পাৰ্ছটো নাই, হেৰাইছে। মই তাইক ভালকৈ চাব কলোঁ। কিন্তু নাই মোৰ মোবাইল ফোন আৰু পাৰ্ছ কতোৱে নাই। তেতিয়া গম পালোঁ যে চুৰি হৈছে। মই ভালে ভালে মোৰ পাৰ্ছ আৰু মোবাইল ফোন উলিয়াই দিবলৈ ক’লো। তেতিয়া ছেটিংছৰ ল’ৰা এটাই মোৰ লগত তৰ্ক কৰিছে। তেতিয়াই আৰু এটা ল’ৰা আহি মোক গতা মাৰি দিছে। ৫-৬টা ল’ৰা আহি মোৰ লগত তৰ্ক কৰিছে। তাৰ পিছত মই পুলিচ ষ্টেচনলৈ গলোঁ। পুলিচ ষ্টেচন গৈ পোৱাৰ অলপ সময়ৰ পিছতে খবৰ আহিলে যে মোৰ পাৰ্ছ আৰু মোবাইল ফোনটো বিচাৰি পাইছে। পাৰ্ছ আৰু মোবাইল ফোনটো পালোঁ, কিন্তু পইচা ৪,৫০০ টকা পাৰ্ছটোত কম আছে। চুৰি কৰাজন আমাৰ মাজৰে এজন, কিন্তু নামটো মোক জনোৱা নাই।”

ইয়াৰ মাজতে উদয়ন থিয়েটাৰলৈ পুনৰ ওভতি যোৱাৰ কথা প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে-”যোৱা কথা গ’ল, সকলো পাহৰি আকৌ নাটক কৰিবলৈ গলো। এইবাৰ ছেটিংছৰ ইন চাৰ্জজনে মোৰ ড্ৰাইভাৰক ধমকি দিছে,”তোৰ বায়েৰক ভালকৈ থাকিবলৈ কবি, নহ’লে চেপেটা হৈ যাব, কৈ দিলোঁ।” মই থিয়েটাৰৰ প্ৰযোজকক কথাটো জনালোঁ কিন্তু ষ্ট্ৰিক্ট একচন একো নল’লে ল’ৰাজনৰ ওপৰত। সেইকাৰণে সিদ্ধান্ত ললোঁ যে, মই আৰু উদয়ন থিয়েটাৰত থাকিব নোৱাৰোঁ। য’ত মোক প্ৰাণে মৰা ভাবুকি দিছে, তাত মই আৰু কাম কৰিব নোৱাৰো। জীৱন থাকিলেহে কাম কৰিব পাৰিম। সেইবাবেই আজি মই উদয়ন থিয়েটাৰ এৰি আহিলোঁ।”

অভিনেত্ৰীগৰাকীয়ে আৰু লিখিছে- ”এতিয়া আপোনালোকেই মোক কওঁকচোন ,মোৰ পাৰ্ছ আৰু মোবাইল টো বিচৰাটোৱেই মোৰ ভুল আছিল নি? য’ত সন্মান আৰু জীৱনৰ নিৰাপত্তা নাই, সেই ঠাই ত্যাগ কৰাটোৱেই উত্তম বুলি ভাবোঁ। যদি কিবা ভুল কৰিছোঁ,তাৰ বাবে মই দুঃখিত। আশা কৰিছোঁ ৰাইজে মোক ক্ষমা কৰি দিব বুলি উল্লেখ কৰিছে অভিনেত্ৰীগৰাকীয়ে।”

উল্লেখ্য যে, ভ্ৰাম্যমাণক লৈ বিতৰ্ক এয়াই প্ৰথমবাৰলৈ নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...