২০২৩ত আৰু টেনিছ কোৰ্টত দেখা নাপাব ছানিয়া মিৰ্জাক!

এইবাৰ লৈ আহিছোঁ টেনিছ জগতৰ খবৰ। ভাৰতৰ আটাইতকৈ স ফল মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই নিজৰ অৱসৰ সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে।

চলিত অষ্ট্ৰেলিয়ান অপেনত মহিলাৰ ডাবলছত প্ৰথম ৰাউণ্ডত পৰাজিত হোৱাৰ পিছত ছানিয়াই ঘোষণা কৰে যে, ২০২২ বৰ্ষটো তেওঁৰ টেনিছ কেৰিয়াৰৰ অন্তিমটো ছিজন হ’ব।

মহিলাৰ ডাবলছত বিশ্বৰ নম্বৰ ৱান আৰু মহিলা ছিংগলছত তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিং আছিল ২৭। ৩৫ বছৰীয়া খেলুৱৈগৰাকী বৰ্তমানেও বিশ্বৰ ৬৮ সংখ্যক স্থানত আছে।

ছানিয়া মিৰ্জা হৈছে গ্ৰেণ্ড শ্লেম জয় কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আৰু মিৰ্জাই এছিয়ান গেমছ, কমনৱেলথ গেমছত পদক জয় লাভ কৰিবলৈ সক্ষম হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জন্তৰ-মন্তৰৰ গে’ট জঁপিয়াই প্ৰতিবাদ CJPৰ সৌৰভ দাস, আশুতোষ ৰাংকাৰ; আটক দিল্লী আৰক্ষীৰ

কেন্দ্ৰীয় চৰকাৰে জন্তৰ-মন্তৰক প্ৰতিবাদস্থলীৰ স্বীকৃতি প্ৰত্যাহাৰ কৰাৰ এদিন পাছতে...

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক মৃত্যু, তদন্তৰ বাবে গুৱাহাটীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত...

বিলাসীপাৰাৰ মায়াৰচৰত চাঞ্চল্যকৰ ঘটনা! বিয়াৰ প্ৰলোভনেৰে মহিলাৰ ধন-সোণ লুট

বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।...