ভয়ংকৰ দুৰ্ঘটনাত থিতাতে এজনৰ মৃত্যু, আহত ২৬জন

শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হৈছে। ইয়াৰ লগতে গুৰুতৰভাবে আহত হৈছে আন ২৬জন লোক। ধেমাজি জিলাৰ চিলাপথাৰৰ সমীপৰ চিলিত পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন ২৬জন গুৰুতৰভাৱে আহত হয়।

চিলাপথাৰৰ চিলি ফ্ৰণ্টিয়াৰ হাইস্কুলৰ সন্মুখৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। সীমান্ত পথ সংস্থাৰ শ্ৰমিক কঢ়িয়াই নিয়া WB 65 C 2654 নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে। আহতসকলৰ অৱস্থা অতি সংকটজনক। উল্লেখ্য যে, পশ্চিমবংগৰ পৰা ৰে’লেৰে আহি এই শ্ৰমিকসকল জোনাইত উপস্থিত হৈছিল। আজি ট্ৰাকেৰে জোনাইৰ পৰা চিলাপথাৰলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয়। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...