পাচলি ভৰ্তি ট্ৰাক আৰু বলেৰ’ পিক আপ ভানৰ মাজত মুখামুখি সংঘৰ্ষ

কলিয়াবৰৰ চতিয়ালত ট্ৰাক আৰু টাটা মোবাইলৰ মাজত মুখামুখি সংঘৰ্ষ। জখলাবন্ধা দিশৰ পৰা নগাঁও অভিমুখী এখন শাক-পাচলি ভৰ্তি ট্ৰাক আৰু নগাঁৱৰ দিশৰ পৰা জখলাবন্ধা দিশলৈ গৈ থকা কণীভৰ্তি বলেৰ’ পিক আপ ভানৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে বাহন দুখন। ফলত বহু সময় ধৰি ট্ৰাকত আবদ্ধ হৈ পৰে চালক জন। দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাক খনৰ নম্বৰ AS 17 C 5407 আৰু টাটা মোবাইল বাহন খনৰ নম্বৰ AS 21 AC 0711। ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়ত ভৰ্তি কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...