পাচলি ভৰ্তি ট্ৰাক আৰু বলেৰ’ পিক আপ ভানৰ মাজত মুখামুখি সংঘৰ্ষ

কলিয়াবৰৰ চতিয়ালত ট্ৰাক আৰু টাটা মোবাইলৰ মাজত মুখামুখি সংঘৰ্ষ। জখলাবন্ধা দিশৰ পৰা নগাঁও অভিমুখী এখন শাক-পাচলি ভৰ্তি ট্ৰাক আৰু নগাঁৱৰ দিশৰ পৰা জখলাবন্ধা দিশলৈ গৈ থকা কণীভৰ্তি বলেৰ’ পিক আপ ভানৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে বাহন দুখন। ফলত বহু সময় ধৰি ট্ৰাকত আবদ্ধ হৈ পৰে চালক জন। দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাক খনৰ নম্বৰ AS 17 C 5407 আৰু টাটা মোবাইল বাহন খনৰ নম্বৰ AS 21 AC 0711। ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়ত ভৰ্তি কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...