গুৰুজনাৰ জন্মস্থান দৰ্শন কৰি উভতি অহাৰ সময়তে দুৰ্ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু সহ চাৰিজনকৈ যাত্ৰী গুৰুতৰভাবে আহত হৈছে। নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত হৈছে এই ঘটনা। শিশুসহ চাৰিজনকৈ যাত্ৰী গুৰুতৰভাবে আহত হৈছে, ইয়াৰে এজনৰ অৱস্থা সংকটজনক। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান দৰ্শন কৰি উভতি অহাৰ সময়তে বটদ্ৰৱা শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সন্মুখত সংঘটিত হয় এই পথ দুৰ্ঘটনা । এখন AS03M007 নম্বৰৰ এক্স ইউ ভি 500 আৰু AS02W6175 নম্বৰৰ এখন ৰেডিগো মাজত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত ডাটচান ৰেডিগোত থকা শিশুসহ চাৰিজন আৰোহী গুৰুতৰভাবে আহত হয়। এক্স ইউ ভি বাহনখনৰ যাত্ৰীসকলে বটদ্ৰৱা সত্ৰ দৰ্শন কৰি উভতাৰ পথত ডাটচান ৰেডিগোৰ যাত্ৰীয়ে থান দর্শনত যোৱাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ আহতকেইজনক বটদ্ৰৱা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...