মাটি কঢ়িওৱা ট্ৰেক্টৰে মহতিয়ালে ২ স্কুলীয়া ছাত্ৰীক, থিতাতে নিহত ছাত্ৰী

মাটি কঢ়িওৱা ট্ৰেক্টৰে মহতিয়ালে দুগৰাকীকৈ স্কুলীয়া ছাত্ৰীক। এগৰাকী থিতাতে নিহত হোৱাৰ লগতে আনগৰাকী গুৰুতৰভাবে আহত হৈছে। বটদ্ৰৱা সমষ্টিৰ অধীনৰ মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ এলেকাধীন বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত পাৰালিগুৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী ৯ বছৰীয়া কিশোৰী।

ইয়াৰ লগতে আনগৰাকী কিশোৰী গুৰুতৰভাবে আঘাতপ্রাপ্ত হয়। আঘাতপ্রাপ্ত হোৱা কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। কিশোৰী দুগৰাকী স্কুললৈ গৈ থকা সময়ত দূৰ্ঘটনাটো সংঘটিত হয়। ইতিমধ্য মাটি কঢ়িয়াই নিয়া As-21-AC-0765 ট্ৰেক্টৰখনৰ চালকজনক স্থানীয় ৰাইজে আটক কৰি বড়ীবজাৰ আৰক্ষীক চমজাই দিয়ে।

ইপিনে স্থানীয় ৰাইজৰ দাবী অবৈধভাবে মাটি কঢ়িয়াই দুৰ্ঘটনা সংঘটিত কৰা এই ট্ৰেক্টৰখনৰ বিৰুদ্ধে উচিত তদন্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...