দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ গ’ল মহিলাৰ

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা। চাপৰৰ বহলপুৰস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা। নিহত মহিলাগৰাকী চাপৰ থানাৰ অন্তৰ্গত শালকোচা বামুণীপাৰাৰ বাসিন্দা ৫২ বছৰীয়া জোনালী চক্ৰৱৰ্তী। নিহত মহিলাগৰাকী চাপৰৰ ৰঙামাটিস্থিত কৃষি মহাবিদ্যালয়ত কৰ্মৰত আছিল। নিহত জোনালী চক্ৰৱৰ্তীয়ে কন্যাৰ সৈতে বঙাইগাঁৱৰ পৰা বজাৰ কৰি নিজ কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত অঘটন। বহলপুৰত পথ অতিক্ৰম কৰোঁতে এখন তীব্ৰবেগী ট্ৰাকে মহিলাগৰাকীক খুন্দিয়াই থৈ যায়। ততাতৈয়াকৈ মহিলাগৰাকীক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ NL 01-N-9264। ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন চাপৰ আৰক্ষীয়ে জব্দ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...