দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ গ’ল মহিলাৰ

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা। চাপৰৰ বহলপুৰস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা। নিহত মহিলাগৰাকী চাপৰ থানাৰ অন্তৰ্গত শালকোচা বামুণীপাৰাৰ বাসিন্দা ৫২ বছৰীয়া জোনালী চক্ৰৱৰ্তী। নিহত মহিলাগৰাকী চাপৰৰ ৰঙামাটিস্থিত কৃষি মহাবিদ্যালয়ত কৰ্মৰত আছিল। নিহত জোনালী চক্ৰৱৰ্তীয়ে কন্যাৰ সৈতে বঙাইগাঁৱৰ পৰা বজাৰ কৰি নিজ কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত অঘটন। বহলপুৰত পথ অতিক্ৰম কৰোঁতে এখন তীব্ৰবেগী ট্ৰাকে মহিলাগৰাকীক খুন্দিয়াই থৈ যায়। ততাতৈয়াকৈ মহিলাগৰাকীক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ NL 01-N-9264। ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন চাপৰ আৰক্ষীয়ে জব্দ কৰিছে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...