ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী জোৱান

আমগুৰিৰ বৰবাম ধলোৱা পথাৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত নাগালেণ্ডৰ আৰক্ষীৰ জোৱান। নিহত আৰক্ষীৰ জোৱানজনৰ নাম খাংচিওৱাংব’। আমগুৰিৰ দিশৰ পৰা NL 07 EA 3139 নম্বৰৰ এখন বাইকত নাগালেণ্ডৰ মুকক্ চুং দিশত গৈ থকা অৱস্থাত ৰাস্তাৰ কাষৰ থকা বৈদ্যুতিক খুটাত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ পিছত 108 এম্বুলেন্স সেৱাই আমগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় জোৱানজনক। চিকিৎসালয়ত চিকিৎসকে ব্যক্তিজনক মৃত ঘোষণা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...