ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী জোৱান

0 149

আমগুৰিৰ বৰবাম ধলোৱা পথাৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত নাগালেণ্ডৰ আৰক্ষীৰ জোৱান। নিহত আৰক্ষীৰ জোৱানজনৰ নাম খাংচিওৱাংব’। আমগুৰিৰ দিশৰ পৰা NL 07 EA 3139 নম্বৰৰ এখন বাইকত নাগালেণ্ডৰ মুকক্ চুং দিশত গৈ থকা অৱস্থাত ৰাস্তাৰ কাষৰ থকা বৈদ্যুতিক খুটাত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ পিছত 108 এম্বুলেন্স সেৱাই আমগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় জোৱানজনক। চিকিৎসালয়ত চিকিৎসকে ব্যক্তিজনক মৃত ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.