দ্ৰুতবেগী অৰুণাচলৰ গাড়ীয়ে প্ৰাণ ল’লে এম ই স্কুলৰ ৰান্ধনিৰ!

লখিমপুৰৰ মইনাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত কুলাবালি মডেল এম ই স্কুলৰ ৰান্ধনি। নিহত ব্যক্তিজন বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ কুলাবালিৰ পদ্মধৰ চুতীয়া। মইনাপৰাৰ পৰা চাইকেলেৰে যোৱাৰ সময়তে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন। ঘৰলৈ উভতি যোৱাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনাটো। লখিমপুৰৰ পৰা ধেমাজি অভিমুখী এখন তীব্ৰবেগী অৰুণাচলী গাড়ীয়ে খুন্দিয়াই থৈ যোৱাৰ ফলত ঘটনাস্থলীতে নিহত হয় ব্যক্তিজন। নিহত ব্যক্তিজন কুলাবালি মডেল এম ই স্কুলৰ ৰান্ধনি হিচাপে কৰ্মৰত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...