পদপথৰ মানসিক বিকাৰগ্ৰস্ত লোকক লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ,কোন এই ফখৰুল ইছলাম?

নিকৃষ্ট কাণ্ড। পদপথৰ মানসিক বিকাৰগ্ৰস্ত লোকক লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ বিলাসী বাহনৰ গৰাকীৰ। দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংঘটিত এই ঘটনা। বেছিমাৰীৰ নদীৰকাষ গাঁৱৰ ফখৰুল ইছলাম নামৰ লোকজনে লাঠিৰে প্ৰহাৰ কৰা ভিডিঅ’ মোবাইলত বন্দী কৰে একাংশ লোকে। কিন্তু এইয়া সম্পূৰ্ণ মিছা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ফখৰুল ইছলামে। তেওঁ কয় যে-”লোকজন কোনো মানসিক বিকাৰগ্ৰস্ত নহয়, মোক মাৰিবলৈ আহোঁতে মই হাতৰ পৰা লাঠিডাল কাঢ়ি নি ওলোটাই প্ৰহাৰ কৰিছো।” উল্লেখ্য যে, লালপুলৰ পৰা দলগাঁও অভিমুখে গৈ থকা অৱস্থাত হঠাৎ ফখৰুল ইছলামৰ চলন্ত বাহনত বাঁহেৰে আক্ৰমণ কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে। ইফালে স্থানীয় পহৰা চকীৰ আৰক্ষীৰ ভাষ্য অনুসৰি লোকজন শাৰীৰিক আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত। নিজৰ পৰিচয়টোৱেই ভালকৈ দিব নোৱাৰে লোকজনে। এই ঘটনাক লৈ এতিয়া দলগাৱঁত সৃষ্টি হৈছে চাঞ্চল্যৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...