হিমাচলত চলি থকা আই ডব্লিউ এল এফ প্ৰতিযোগিতাত অভিনৱৰ ৰূপ-ইছাংফাৰ ব্ৰঞ্জ অৰ্জন

শাৰদীয় দূৰ্গা পূজাৰ মহাষষ্ঠীৰ দিনাই অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আনন্দৰ খবৰ৷ অসমৰ প্ৰতিভাবান আন্তৰ্জাতিক ভাৰোত্তোলক সিদ্ধান্ত গগৈয়ে হিমাচল প্ৰদেশত চলি থকা আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ আনহাতে, প্ৰতিযোগিতাৰ আজি তৃতীয় দিনটোত অসমৰ অভিনৱ গগৈয়ে ৰূপ লাভ কৰাৰ লগতে মহিলা শাখাত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে ইছাংফা গগৈয়ে৷

ছিনিয়ৰ পুৰুষৰ ৬৭ কিলোগ্ৰাম শাখাত খেলা অসম সন্তান সিদ্ধান্তই স্নেচত ১২২ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৬৪ কেজিসহ মুঠ ২৮৬ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে যোৱা বছৰ এছিয়ান তথা কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ জুনিয়ৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰি উভয় আন্তৰ্জাতিক প্ৰতিযোগিতাতে সোণৰ পদক লাভ কৰা সিদ্ধান্তই ছিনিয়ৰ পৰ্যায়ত নিজৰ গৌৰৱময় অভিষেকো স্বৰ্ণ জয়ৰে কৰিলে৷

২০২৩ ৰ এছিয়ান জুনিয়ৰ আৰু যুৱ ভাৰোত্তোলন প্ৰতিযোগিতাত সিদ্ধান্তই দুটা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ ৬১ কিলোগ্ৰাম জুনিয়ৰ শাখাত দেশৰ হৈ খেলা অসম সন্তান সিদ্ধান্তই স্নেচত ১১৬ কেজি উত্তোলন কৰি ৰূপ অৰ্জন কৰাৰ পাছত ক্লিন এণ্ড জাৰ্কত ১৪৯ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি সোণ লাভ কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে, সামগ্ৰিকভাবে মুঠ ২৬৫ কিলোগ্ৰাম উত্তোলন কৰাৰ ফলশ্ৰুতিত সিদ্ধান্তই দ্বিতীয়টো সোণসহ তৃতীয়টো পদক লাভ কৰিছিল৷ ইয়াৰপূৰ্বে হোৱা কমনৱেলথ চেম্পিয়নশ্বিপতো সিদ্ধান্তই সোণ লাভ কৰিছিল৷

২০২৩ ৰ কমনৱেলথ চেম্পিয়নশ্বিপতো ৬১ কিলোগ্ৰাম জুনিয়ৰ শাখাত খেলা সিদ্ধান্তই স্নেচত ১১২ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৪৮ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি দেশক সোণৰ পদক দিছিল৷ অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে জনোৱা অনুসৰি কেৰিয়াৰৰ আৰম্ভণিতে এছিয়ান ভাৰোত্তোলন তথা কমনৱেলথ চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক পোৱা সিদ্ধান্তই যোৱা বছৰত দুটাকৈ আন্তৰ্জাতিক সোণৰ পদক লাভ কৰাৰ পাছত এইবাৰ দৃঢ়তাৰে ছিনিয়ৰ পৰ্যায়লৈ অগ্ৰসৰ হয় আৰু প্ৰথমখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতে নিজৰ শাখাত দেশৰ শ্ৰেষ্ঠ ভাৰোত্তোলক হ’বলৈ সক্ষম হৈছে৷ ছিনিয়ৰ পৰ্যায়লৈ আহি স্নেচ আৰু ক্লিন এণ্ড জাৰ্কত সিদ্ধান্তই প্ৰদৰ্শনো উন্নত কৰিছে৷

ইফালে, প্ৰতিযোগিতাত যুৱ ল’ৰাৰ ৬৭ কিলোগ্ৰাম শাখাত খেলা অসম সন্তান অভিনৱে স্নেচত ১১৭ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৩৭ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি ৰূপ লাভ কৰে৷ আনহাতে, ৫৫ কেজিত খেলা অসম কন্যা ইছাংফা গগৈয়ে জুনিয়ৰ তথা যুৱ শাখাত দুটা ব্ৰঞ্জ লাভ কৰিবলৈ সক্ষম হয়৷ তেওঁ স্নেচত ৭৫ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ৯২ কেজিসহ মুঠ ১৬৭ কিলোগ্ৰাম ভাৰ উত্তোলন কৰে৷ অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে পদকজয়ী তিনি খেলুৱৈক শুভেচ্চা জনোৱাৰ লগতে প্ৰতিযোগিতাত অসমে আৰু পদক লাভ কৰিব বুলি আশাব্যক্ত কৰিছে৷ প্ৰতিযোগিতাখন অহা ১৩ অক্টোবৰত সামৰণি পৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...