প্ৰিয়বন্ধুৰ বিদায়ত শোকস্তব্ধ প্রিয়বন্ধু

ৰতন নভল টাটা। একো বিশেষণেৰে সম্পূৰ্ণ ন্যাৰ্যতা দিব নোৱাৰা পৰ্বতসম ব্যক্তিত্বই মেলানি মাগিলে জীৱনৰ পৰা। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা টাটা কেৱল শাৰিৰীকভাৱে নোহোৱা হ’ল। ৰৈ গ’ল অলেখ কীৰ্তিৰ কাহিনী। ৰতন টাটাৰ মহাপ্ৰয়াণৰ সময়তে চৰ্চালৈ আহিছে এজন ৩০ বছৰীয়া যুৱ উদ্যোগীৰ কাহিনী। নাম তেওঁৰ শান্তনু নাইডু। প্ৰকৃতিপ্ৰেমী তথা বৰ্তমান টাটা গ্ৰুপৰ অন্যতম সদস্য। টাটাৰ বিদায়ত শান্তনুৱে লিখিলে, ‘বিদায়, মোৰ মৰমৰ লাইটহাউচ’।

৩০ বছৰীয়া শান্তনুৰ জীৱনলৈ প্ৰকৃতপক্ষে পোহৰৰ সম্ভাৰ হৈ আহিছিল ৰতন টাটা। বয়সে টনা–আজুৰা কৰিলেও মনৰে সদায় নবীন টাটাৰ আছিল শান্তনুৰে বন্ধুত্ব। ৰতন টাটাৰ শেহতীয়া জন্মদিন উদযাপনৰ সময়ত সামাজিক মাধ্যমত বিজুলীগতিৰে বিয়পি পৰিছিল এটা বিশেষ ভিডিঅ’। শেষ ভিডিঅ’ত দেখা পোৱা গৈছিল শান্তনু নাইডুক। অৱশ্যে এই ভিডিঅ’ৰ বহু আগৰে পৰাই শান্তনুৰে গাঢ় বন্ধুত্ব টাটাৰ।

শান্তনুৰ সৈতে প্ৰথম যোগাযোগ এটা মৃত কুকুৰক কেন্দ্ৰ কৰি। টাটা এলক্সিত অ’টোম’বাইল ডিজাইন অভিযন্তা হিচাপে যোগদান দিছিল শান্তনুৱে। এদিন ৰাতি কামৰ পৰা উভতি যোৱাৰ পৰত শান্তনুৱে বাটত দেখিছিল মৃত কুকুৰ। প্ৰকৃতিৰ প্ৰতি প্ৰেম থকা শান্তনু ভাগি পৰিছিল। দ্ৰুতবেগী বাহনে মহটিয়াই নিয়া কুকুৰক বচোৱাৰ উপায় বিচাৰিবলৈ লৈছিল। এটা সময়ত উপায় হিচাপে ওলাল ‘বিশেষ কলাৰ’। কিন্তু অৰ্থৰ অভাৱত ৰৈ গৈছিল শান্তনু। এদিন সাহস কৰি শান্তনুৱে চিঠি লিখিলে টাটালৈ। শান্তনুক আচৰিত কৰি টাটাৰ উত্তৰ আহিল। নিমন্ত্ৰণ জনোৱা হ’ল ব্যক্তিগতভাৱে লগ পাবলৈ। সেয়াই আৰম্ভণি। কুকুৰৰ প্ৰতি থকা প্ৰেমে দুয়োজনকে ওচৰ চপালে। ৰতন টাটাই লাভ কৰিলে এজন কমবয়সীয়া বন্ধু। যাৰ সৈতে বিনিময় কৰিবলৈ আৰম্ভ কৰিলে নিজৰ চিন্তা। সেই শান্তনুৱেই এতিয়া টাটা গ্ৰুপৰ অন্যতম ঘনিষ্ঠ সহযোগী। ২০১৮ৰ পৰাই শান্তনুৱে কনিষ্ঠ সহযোগী হিচাপে ৰতন টাটাক সহায় কৰি আহিছিল। ৰতন টাটাই পঢ়া কলেজতে শিক্ষাগ্ৰহণ কৰিছিল শান্তনুৱে। শান্তনুৰ স্নাতক উত্তীৰ্ণৰ অনুষ্ঠানতো উপস্থিত থকাৰ কথা আছিল টাটাৰ।

ব্যস্ততাৰ বাবে হৈ নুঠিল। কিন্তু শান্তনুৰ ঘৰলৈ গৈ টাটাই গ্ৰহণ কৰিলে আহাৰ।শান্তনুৱেও গ্ৰেজুৱেট কেপ পৰিধান কৰি দিলে ফটোৰ প’জ। মাটি যেন মানুহজনৰ বন্ধুত্বত নাছিল বয়সৰ কোনো সীমা। টাটাৰ পৰা উপকৃত হৈছিল শান্তনু। একে সময়তে শান্তনুৰ পৰাও নতুন নতুন চিন্তা শিকিবলৈ চেষ্টা কৰিছিল ৰতন টাটাই। সেই বন্ধুত্বৰ ৰাগ ইতি পৰিল। তথাপি এই অমিয়া কাহিনী বিয়পি থাকিব জীৱন জুৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...