দিল্লীৰ বিমানবন্দৰত প্ৰায় তিনি ঘণ্টা ধৰি আবদ্ধ কৰি ৰখা হৈছিল পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক। কেৱল আবদ্ধ কৰি ৰখাই নহয়, ইচ্ছাকৃতভাৱে তেওঁক হাৰাশাস্তি কৰা হৈছিল বুলিও অভিযোগ উত্থাপন কৰিছে আম আদমি পাৰ্টি (AAP)-এ। ইয়াৰ লগতে ভগৱন্ত মানৰ পৰা ৫০ হাজাৰ টকাৰ জৰিমনা আদায় কৰা হৈছিল বুলিও দাবী কৰিছে দলটোৱে। অৱশ্যে, কি কাৰণত এই জৰিমনা বিহা হৈছিল, সেই কথা স্পষ্ট হোৱা নাই।
বিৰোধী দলৰ নেতা হোৱাৰ বাবেই দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পঞ্জাবৰ মুখ্যমন্ত্ৰীক হাৰাশাস্তি কৰা হৈছিল বুলি অভিযোগ কৰিছে আপৰ নেতাসকলে। এই ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধেও আঙুলি টোঁৱাইছে দলটোৱে। অৱশ্যে, এই সন্দৰ্ভত এতিয়ালৈকে বিজেপি অথবা দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই কোনো মন্তব্য কৰা নাই।
শেহতীয়াকৈ ফ্ৰান্স ভ্ৰমণলৈ গৈছিল পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। ইয়াৰ পূৰ্বেও ৰাজনৈতিক কাৰণত তেওঁক বিদেশ ভ্ৰমণৰ অনুমতি দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিলম্ব কৰিছিল বুলি অভিযোগ কৰিছে আম আদমি পাৰ্টিয়ে। দলটোৰ নেতাসকলৰ দাবী অনুসৰি, পেৰিছৰ পৰা উভতি অহাৰ পিছতে দিল্লী বিমানবন্দৰত আবদ্ধ কৰি ৰখা হৈছিল মুখ্যমন্ত্ৰীজনক।
আপৰ নেতাসকলে লগতে দাবী কৰিছে যে, ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ হেঁচাতেই ভগৱন্ত মানক দিল্লী বিমানবন্দৰত আবদ্ধ কৰি ৰখা হৈছিল বুলি বিষয়াসকলে স্বীকাৰ কৰিছিল। এই সমগ্ৰ ঘটনাক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি বুলি অভিহিত কৰিছে দলটোৰ নেতাসকলে।
পঞ্জাব আপৰ সংবাদ মাধ্যমৰ দায়িত্বত থকা বালতেজ পান্নু আৰু দলটোৰ নেতা সৌৰভ ভৰদ্বাজে অভিযোগ কৰা অনুসৰি, পেৰিছৰ পৰা উভতি অহাৰ পিছত ভগৱন্ত মানে দিল্লী বিমানবন্দৰত দীৰ্ঘ সময় অপেক্ষা কৰিবলগীয়া হৈছিল। তেওঁৰ লাগেজো সময়মতে গতাই দিয়া হোৱা নাছিল। বাৰে বাৰে লাগেজ পৰীক্ষা কৰি থকা হৈছে বুলি তেওঁক জনোৱা হৈছিল।
প্ৰায় তিনি ঘণ্টাৰ পিছতহে পঞ্জাবৰ মুখ্যমন্ত্ৰীজনক তেওঁৰ লাগেজ গতাই দিয়া হয় বুলি আপৰ নেতাসকলে দাবী কৰে। কিন্তু লাগেজ লাভ কৰি বিমানবন্দৰৰ পৰা ওলাই যাবলৈ লওঁতেই তেওঁক পুনৰ বাধা দিয়া হয় আৰু ৫০ হাজাৰ টকাৰ জৰিমনাৰ চালান দিয়া হয় বুলিও অভিযোগ কৰে তেওঁলোকে।
অৱশ্যে, কি কাৰণত এই জৰিমনা বিহা হৈছিল, সেই বিষয়ে আপৰ নেতাসকলে স্পষ্টকৈ একো জনোৱা নাই। তেওঁলোকৰ দাবী, ইয়াৰ পূৰ্বে কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীক বিমানবন্দৰত এনেদৰে আবদ্ধ কৰি ৰাখি অপমানিত কৰা হোৱা নাছিল।
ইফালে, আম আদমি পাৰ্টিয়ে উত্থাপন কৰা এই অভিযোগ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।
