নগাঁৱৰ মৰিকলঙত চাঞ্চল্যকৰ অপহৰণ কাণ্ড

নগাঁৱৰ মৰিকলঙত নিশা ২ বজাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। নগাঁৱৰ ৰাজপথৰ কাষত পিতৃৰ সৈতে আয়ুৰ্বেদিক ঔষধৰ ভ্ৰাম্যমাণ দোকান দি থকা জ্যোতি সিং নামৰ এগৰাকী যুৱতীক অপহৰণ কৰি নিয়ে এটা গেঙে। এখন বলেৰ’ত অহা ৫জনীয়া দলে নিশা মৰিকলং শিশু উদ্যানৰ সমীপৰ পৰা বলপূৰ্বক লৈ যায় যুৱতীগৰাকীক। হাৰিয়ানাৰ বিৰজু সিঙৰ গেঙে এই অপহৰণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ অপহৃত জ্যোতি সিঙৰ পিতৃৰ। পিতৃৰ অভিযোগ অনুসৰি অপহৰণকাৰী দলটোত এগৰাকী মহিলাও আছিল।

চাঞ্চল্যকৰ অপহৰণ
বিৰজু গেং
নগাঁৱৰ মৰিকলঙত চাঞ্চল্যকৰ অপহৰণ-কাণ্ড
হাৰিয়ানাৰ গেঙে অপহৰণ কৰি নিলে পাঞ্জাৱৰ যুৱতী
তলকিবই নোৱাৰিলে নগাঁও আৰক্ষীয়ে

দেশৰ অন্যতম শক্তিশালী আৰক্ষী বাহিনী বুলি নিজকে জহাই থকা অসম আৰক্ষীৰ চকুৰ সন্মুখতে দৈনিক সংঘটিত হৈছে ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা। হাত সাৱটি বহি থাকে অসম আৰক্ষীৰ বিষয়া-কৰ্মচাৰীয়ে। এইবাৰৰ ঘটনা নগাঁৱৰ বিতৰ্কিত মৰিকলং আৰক্ষী চকীৰ অন্তৰ্গত এলেকাৰ।

ঘটনাৰ স্থানঃ মৰিকলং শিশু উদ্যান
পুৱতি নিশা তেতিয়া প্ৰায় ২ বাজিছে

মৰিকলং শিশু উদ্যানৰ সমীপৰ ৰাজপথৰ কাষতে আছিল এখন ভ্ৰাম্যমান আয়ুৰ্বেদিক ঔষধৰ দোকান। দোকানখন চলাইছিল পাঞ্জাৱৰ বিজেন্দ্ৰ সিং নামৰ এই লোকজনে। লগত আছিল বিজেন্দ্ৰ সিঙৰ ১৯ বছৰীয়া কন্যা জ্যোতি সিং। নগাঁৱলৈ অহা মাত্ৰ ১৫ দিনমানহে হৈছিল পিতৃ-কন্যাৰ। বুধবাৰে পুৱতি নিশা প্ৰায় ২ বজাত সেই স্থানত আৱিৰ্ভব ঘটিল এখন ব’লেৰ’ৰ। ব’লেৰোখনত আছিল হাৰিয়ানাৰ কুখ্যাত বিৰজু সিং গেঙৰ গুণ্ডা। গেঙত দুগৰাকী মহিলাও থকাৰ অভিযোগ।

পুৱতি নিশা প্ৰায় ২ বজাত বিৰজু সিং গেঙৰ সদস্যই মৰিকলং শিশু উদ্যানৰ সমীপৰ পৰা বলপূৰ্বক উঠাই নিয়ে জ্যোতি সিং নামৰ ১৯ বছৰীয়া যুৱতীগৰাকীক। পূৰ্বেও জ্যোতিক পাঞ্জাৱৰ পৰা অপহৰণৰ চেষ্টা চলাইছিল হাৰিয়ানাৰ বিৰজু সিং গেঙে।

অপহৃত যুৱতীগৰাকীৰ পিতৃ বিজেন্দ্ৰ সিঙৰ অভিযোগ দীৰ্ঘদিনে নাৰী সৰবৰাহৰ সৈতে জড়িত কুখ্যাত বিৰজু গেং। আয়ুৰ্বেদিক ঔষধৰ ব্যৱসায়ী বিজেন্দ্ৰ সিঙৰ কন্যাকো নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতত বিক্ৰীৰ বাবেই এই অপহৰণ ঘটনা সংঘটিতৰ অভিযোগ। ঘটনা সন্দৰ্ভত মৰিকলং আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে বিজেন্দ্ৰ সিঙে। কিন্তু পুৱা ঘটনাস্থলীত সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাৰ পিছত আশ্বৰ্যজনকভাৱে অপহৰণৰ ঘটনা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে আৰক্ষীয়ে।

মন কৰিবলগীয়া যে, পূৰ্বেও বহু অপহৰণৰ ঘটনাৰ সৈতে জড়িতৰ অভিযোগ আছে হাৰিয়ানাৰ কুখ্যাত বিৰজু গেঙৰ বিৰুদ্ধে। কিছু বছৰ পূৰ্বে জ্যোতি সিঙৰ ভগ্নীকো গুৱাহাটীৰ পৰা অপহৰণ কৰিছিল বিৰজু গেঙে। সেই গোচৰত মহানগৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰো হৈছিল বিৰজু সিং। বিৰজু সিঙৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছিল জ্যোতিৰ ভগ্নীক। মৰিকলং আৰক্ষীৰ সন্দেহ- সমগ্ৰ ঘটনাৰ আঁৰত আছে বিজেন্দ্ৰ সিঙৰ পৰিয়াল আৰু বিৰজু গেঙৰ অতীতৰ কোনো অজ্ঞাত কাহিনী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী

সৰ্থেবাৰীত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পিতৃ আৰু ৫বছৰীয়া পুত্ৰৰ কৰুণ...

ভাৰতৰ সন্মুখত লক্ষ্য ২৪২ ৰান

চেম্পিয়নছ ট্ৰফীৰ হাই ভল্টেজ খেল। আটাইকেইটা উইকেট হেৰুৱাই পাকিস্তানৰ...

সৰ্থেবাৰীৰ ৰাজপথত শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন

শোকাৱহ ঘটনাই জোকাৰি গ'ল সৰ্থেবাৰী। সৰ্থেবাৰী-বৰপেটা পথত শেষ হৈ...

সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক, পানী জমা হোৱাৰ বাবে ব্যাহত উদ্ধাৰ অভিযান

পুনৰ সংঘটিত হৈছে এক অঘটন। এইবাৰ নিৰ্মীয়মান সুৰংগ খহি...