হৰ্ণ বজাই বজাই জান্টু চুতীয়াই লৈ গ’ল বুথ সম্পাদিকাক

বিজেপিৰ নিৰ্বাচনী সভালৈ মানুহ অনা-নিয়া কৰাৰ দায়িত্ব পাইছিল গোগামুখৰ এগৰাকী বুথ সম্পাদিকাই। সেই কাম কৰি কৰি ট্ৰেভেলাৰ চালকৰে প্ৰেমত পৰিল বুথ সম্পাদিকাগৰাকী। অৱশেষত ট্ৰেভেলাৰ চালকৰ লগত পলাই গ’ল দুই সন্তানৰ মাতৃ। ঘটনাক কেন্দ্ৰ কৰি গোগামুখত তীব্ৰ প্ৰতিক্ৰিয়া।

হৰ্ণ বজাই বজাই জান্টু চুতীয়াই লৈ গ’ল বুথ সম্পাদিকাক
পুত্ৰক স্কুলত থৈ আহি ৰীলত যেতিয়া পত্নীয়ে মুখৰ ১১টা ভাঁজ দিবলৈ ল’লে
তেতিয়াই ভাবক, কিবা এটা ঘটিব…
গোগামুখত বিজেপি নেত্ৰীয়ে ঘটাই দিলে ঘটনা

গোগামুখ চাউলধোৱা বালিগাঁৱৰ চন্দন বৰাৰ পত্নী এওঁ। দুটি সন্তানেৰে এওঁলোকৰ সুখৰ সংসাৰ। দিন হাজিৰা কৰি চলে যদিও হাঁহি-ফূৰ্তিৰে অতিবাহিত হৈছিল সময়। কিন্তু সময় আৰু আজি কালিৰ একাংশ বোৱাৰীৰ মন, কেতিয়া সলনি হয় কোনেও ক’ব নোৱাৰে। এওঁৰ ১৪ বছৰীয়া সংসাৰত কোনোদিনেই কাজিয়া নহ’ল। কোনো কাজিয়া-পেচাল নকৰাকৈয়ে পত্নী বেলেগৰ লগত গুছি গ’ল।

গোগামুখৰ এটা বুথৰ সম্পাদিকাৰ দায়িত্বত আছিল এইগৰাকী মহিলা। লোকসভা নিৰ্বাচনৰ সময়ত এওঁৰ বাঢ়িছিল দায়িত্ব। লখিমপুৰ সমষ্টিতত অনুষ্ঠিত বিজেপিৰ বিভিন্ন প্ৰচাৰ সভালৈ মানুহ অনা-নিয়া কৰাৰ দায়িত্ব দিয়া হৈছিল এওঁক। সেই কাম ভালকৈ কৰিবৰ বাবে হাজিৰা কৰা টকাৰে স্বামীয়ে ক্ৰয় কৰি দিছিল মোবাইল। সভালৈ অহা-যোৱা কৰাৰ বাবে এওঁ ঠিক কৰিছিল এইখন ট্ৰেভেলাৰ। দুই-তিনিখন সভালৈ মানুহ অনা নিয়া কৰাৰ পাছত চালকৰ পৰা নম্বৰ লৈছিল তেওঁ। কোনখিনি পালেহি, কেতিয়া ওলাব ধৰণৰ কথা-বতৰা। ফোনতে এওঁ কয় আহি পালে ক’ব। হৰ্ণটো বজাই দিব।
ট্ৰেভেলাৰ চালকৰ নাম আছিল জান্টু চুতীয়া
প্ৰায়ে মহিলাগৰাকীয়ে কথা পাতে ট্ৰেভেলাৰৰ চালকজনৰ লগত। স্বামীয়ে সুধিলে কয় জান্টুৰ লগত কথা পাতি আছোঁ। কথা পাতি পাতি জান্টু গৈ জানটো হৈ পৰিল। ট্ৰেভেলাৰ চালকজনৰ প্ৰেমত পৰিল মহিলা। সেইদিনা কামৰ পৰা প্ৰায় ডেৰমান বজাত ঘৰলৈ আহিছিল চন্দন বৰা। তাতেই ভুল কৰিলে চন্দনে। বিছনাতে ফুচফুচাই পত্নীয়ে কথা পাতি থকা শুনিলে এওঁ। উঠি গৈ ধৰি ললে। কাৰ লগত কথা পাতি আছা। তেওঁৰ সেই একেই কথা। জান্টুৱে ফোন কৰিছে। ধৰি ললে এওঁ জান্টুৰ এতিয়া কিয় ফোন। সিফালৰ পৰা জান্টুৱে ফোনতে কৈ উঠিল। ঐ একো নকবি। তাই মোৰ। তিনিদনত লৈ আহিম। বিয়া পাতিম তাইক। সভালৈ নিয়া জান্টুৱে পত্নীক ৰভালৈ নিম বুলি কোৱাত খং উঠিল এওঁ। দিলে দুছাট। কন্দা-কটা কৰিলে পত্নীয়ে। মৰম-চেনেহ কৰি ৰাতিটো শুৱাই পুৱাই এওঁ লৈ গ’ল হাস্পতাললৈ। দৰৱ-মলম দিলে। দুদিনৰ পাছত তেওঁ সুস্থ হৈ উঠিল। তাৰ পাছতেই ট্ৰেভেলাৰত উঠিল…

মানে পলাল…

এতিয়া হাহাকাৰ স্বামীৰ। মা নীৰুৰ চালকে মই নেৰো বুলি কথা দিছিল এওঁক। সেই কামে কৰি দেখুৱালে। এতিয়া এওঁ দেখুৱাইছে মহানুভৱতা। পত্নী ঘূৰি আহিলে হেনো গ্ৰহণ কৰিব এওঁ। এই ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গোগামুখত। যিয়ে শুনিছে কৈছে, ১টাত মিটিং থাকিলেও ১০টা বজাত সেইকাৰণেই ৰৈ থাকে নঙলামুখত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...