ৰঞ্জু হাজৰিকাৰ উপন্যাসৰ ভয়লগা কাহিনীৰ দৰেই শিহৰণকাৰী দৃশ্য

ৰঞ্জু হাজৰিকাৰ উপন্যাসৰ ভয়লগা কাহিনীৰ দৰেই শিহৰণকাৰী দৃশ্য। একালত ৰঞ্জু হাজৰিকাৰ উপন্যাসৰ ভয়লগা কল্পকাহিনী পঢ়িয়েই আমাৰ গাৰ নোম শিঁয়ৰি উঠিছিল। কিন্তু আজি আমাৰ সন্মুখত উপন্যাসৰ পৃষ্ঠা নাই, আছে বাস্তৱৰ ভয়লগা দৃশ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হঠাৎ আবিৰ্ভাৱ হৈছে লাখ লাখ ক’লা পতংগৰ। আমাৰ গুৱাহাটী কাৰ্যালয়লৈ ৰাজ্যৰ কেইবাখনো জিলাৰ বিভিন্ন স্থানৰ পৰা কিছুদিন পূৰ্বে আহিছিল জনাঞ্চলত লাখ লাখ পতংগৰ আক্ৰমণৰ সেই ভয়লগা দৃশ্য। ক’লা পতংগৰ আক্ৰমণে তীব্ৰ আতংকৰ সৃষ্টি কৰিছিল সেই অঞ্চলসমূহত।

শেহতীয়াকৈ ক’লা পতংগৰ আক্ৰমণে আতংকৰ সৃষ্টি কৰিছে কংক্ৰিটৰ গুৱাহাটী মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰ অঞ্চলত। চন্দ্ৰপুৰত একপ্ৰকাৰ বিভীষিকা নমাইছে ক’লা পতংগই। চৌদিশে লাখ লাখ ক’লা পতংগ। দেখিলেই গাৰ নোম শিঁয়ৰি উঠা দৃশ্য। আতংকিত হৈ পৰিছে চন্দ্ৰপুৰৰ মানুহ। মানুহৰ ঘৰ, শিক্ষানুষ্ঠান সকলোতে ক’লা পতংগৰ আতংক। ক’লা পতংগৰ আতংকৰ বাবেই কেইবাদিনো ধৰি বন্ধ হৈ আছে বিদ্যালয়ৰ পাঠদান। বিদ্যালয়ৰ দেৱাল, চাৰিবেৰ, ডেস্ক-বেন্স সকলোকে অগণন ক’লা পতংগ।

কেৱল বিদ্যালয়েই নহয়, বহু মানুহৰ ঘৰতো ক’লা পতংগই আতংকৰ সৃষ্টি কৰিছে। মানুহৰ ঘৰৰ দেৱাল, দুৱাৰ-খিৰিকী, বিচনা,পাকঘৰ, খোৱা বস্তু সকলোতে লাখ লাখ ক’লা পতংগৰ আক্ৰমণ। এই ক’লা পতংগৰ আক্ৰমণৰ বাবে বহু পৰিয়ালে ঘৰ এৰিবলৈও বাধ্য হৈছে। জনশ্ৰুতি অনুসৰি বাঁহৰ ফুল ফুলিলেই অস্বাভাৱিক হাৰত বৃদ্ধি পায় এই ক’লা পতংগ। আৰু এইবেলি ক’লা পতংগই আতংকৰ সৃষ্টি কৰা অঞ্চলত বাঁহ ফুলিছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আতংকগ্ৰস্ত হোৱা বাবেই এই ক’লা পতংগ সন্দৰ্ভত NKTVয়ে কৰিছে বিশেষ অনুসন্ধান। অনুসন্ধানত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। এই ক’লা পতংগবিধ মূলতঃ ‘ষ্টিংক বাগ’ পৰিয়ালৰ এবিধ পতংগ। ‘ষ্টিংক বাগ’ৰ কেইবাটাও প্ৰজাতি আছে। বাঁহ ফুলা অঞ্চলত যি ‘ষ্টিংক বাগ’ৰ উপদ্ৰৱ আৰম্ভ হয় তাক ইংৰাজীত ‘বেম্ব’ছিদ বাগ’ বুলি কোৱা হয়। আৰু বাঁহ ফুলাৰ সময়তে এই পতংগবিধ অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ ধৰে। প্ৰকৃততে যিকোনো এক ঠাইত যেতিয়া এজুপি বাঁহৰ বয়স যেতিয়া ৪০-৫০ বছৰ পাৰ হৈ যায়, তেতিয়াই সেই নিৰ্দিষ্ট ভূমিখণ্ডত বাঁহক প্ৰয়োজন হোৱা এক পোষক দ্ৰব্য নিঃশেষ হৈ পৰে। তেতিয়াই মৃত্যুৰ ক্ষণ গণি বাঁহজুপি ফুলিবলৈ লয়। এনেয়ে বাঁহ নুফুলে। মৰিবলৈ লোৱা সময়তহে বাঁহ ফুলে। মাটিত প্ৰয়োজনীয় পোষক দ্ৰব্য নথকা বাবেই বাঁহবোৰ দুৰ্বল হৈ পৰে। তেতিয়াই এনেও বাঁহত থকা এই বিশেষ ক’লা পতংগবিধে বাঁহৰ গা-গছ ভক্ষণ কৰিবলৈ লয়। উভৈনদী খাদ্য পাই ‘বেম্ব’ছিদ বাগে’ প্ৰজননৰ জৰিয়তে অস্বাভাৱিক হাৰত বৃদ্ধি কৰে বংশ। আৰু এই বংশবৃদ্ধি শ বা হাজাৰৰ ঘৰত নহয়, লাখ লাখৰ ঘৰত হয় এই বংশবৃদ্ধি। লগে লগেই পাৰ্শ্বৱৰ্তী অঞ্চলতো আক্ৰমণ আৰম্ভ কৰে ‘বেম্ব’ছিদ বাগে’। ‘বেম্ব’ছিদ বাগ’ক লৈ গৱেষণা এতিয়াও অব্যাহত আছে।

চন্দ্ৰপুৰত হোৱা ক’লা পতংগৰ এই আক্ৰমণৰ পিছত ৰাইজে আশাৰে বাট চাইছে ৰাজ্যৰ কৃষি বিভাগলৈ। সংশ্লিষ্ট কৃষি বিষয়াই ঘটনাস্থলী পৰিদৰ্শনো কৰিছে। লগতে ৰাইজক ক’লা পোকৰ পৰা পৰিত্ৰাণ পাবলৈ দিয়া হৈছে কেতবোৰ পৰামৰ্শও দিয়া হৈছে।

অৱশ্যে, বৰ বেছি আতংকিত হোৱাৰ প্ৰয়োজন নাই। কৃষি বিভাগৰ পৰা যোগান ধৰা কীটনাশক অথবা কেৰাচিন ঘৰৰ চৌহদত ছটিয়াই দিয়ক। পতংগবোৰ আঁতৰি যাব। আৰু এই পতংগবিধৰ আয়ুস মাত্ৰ ১২ৰ পৰা ১৫ দিন। গতিকে আতংকিত নহৈ কিছুদিন ধৈৰ্য ধৰক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...