অভিশপ্ত ৩জানুৱাৰী!

বালিজান ট্ৰেজেদীৰ এটা বছৰ

সিদিনা হাঁহি থকা মানুহবোৰ মুহূৰ্ততে নাইকিয়া হৈ গৈছিল। তেজেৰে ৰাঙলী হৈ পৰিছিল ৰাজপথ। বুকুত অজুত সপোন লৈ ওলাই যোৱা মানুহবোৰৰ সপোনে ৰাজপথত চটফটাইছিল। নিথৰ হৈ পৰি ৰৈছিল মন্দিৰলৈ বুলি ওলাই যোৱা বহু মানুহৰ নিথৰ দেহ। সেই দুৰ্ঘটনাৰ কথা ভাবিলেই আজিও উচুপি উঠে দেৰগাঁওবাসীয়ে-গোলাঘাটবাসীয়ে। ৰাজ্য কঁপোৱা দেৰগাঁৱৰ বালিজানৰ পথ দুৰ্ঘটনাই সম্পূৰ্ণ কৰিলে এটা বছৰ। ২০২৪ চনৰ ৩ জানুৱাৰীত কমাৰবন্ধাৰ বছাভৰলুৱাৰ পৰা টিলিঙা মন্দিৰ দৰ্শন আৰু বনভোজ খোৱাৰ উদ্দেশ্যে গৈছিল বনভোজকাৰী দল। কিন্তু দেৰগাঁৱৰ বালিজানত বনভোজকাৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত শিশু মহিলাসহ ১২ গৰাকী লোকৰ নিহত হোৱা ঘটনাই জোকাৰি গৈছিল অসম তথা দেশ। সেই অভিশপ্ত দিনটোৰ কথা সুৱঁৰি আজিও শিহৰিত হৈ পৰে স্থানীয় লোকসকল। বালিজানৰ দুৰ্ঘটনাস্থলীত এইবাৰ সতৰ্কতামূলক ভাৱে দেৰগাঁও প্ৰশাসন তথা আৰক্ষীয়ে লৈছে বিশেষ ব্যৱস্থা। গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে পথৰ ওপৰত স্থাপন কৰিছে বেৰিকেড। নিশাৰ ভাগত অঞ্চলটোত ব্যৱস্থা কৰিছে আৰক্ষীৰ পহৰা। প্ৰচণ্ড কুঁৱলী তথা তীব্ৰ গতিবেগ যাতে নিয়ন্ত্ৰণ কৰি এনে দুৰ্ঘটনা ৰোধ কৰিব পাৰে তাৰ বাবেই আৰক্ষীৰ এই ব্যৱস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...