নলবাৰীৰ বিশিষ্ট শাস্ত্ৰজ্ঞ, বেদজ্ঞ পণ্ডিত নাৰায়ণ শৰ্মাৰ দেহাৱসান

নলবাৰী চহৰৰ চ’কবজাৰ মাজদিয়া নিৱাসী বিশিষ্ট বেদজ্ঞ পণ্ডিত, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক, বিশিষ্ট সমাজসেৱী নাৰায়ণ শৰ্মাৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে। ৮৬ বছৰত মৃত্যুবৰণ কৰা প্ৰয়াত নাৰায়ণ শৰ্মা শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ যোৱা ৩০ ডিচেম্বৰৰ পৰা GMCH ত চিকিৎসাধীন হৈ আছিল। ২ জানুৱাৰীৰ দিনা দিনৰ প্ৰায় ১ বজাত চিকিৎসাধীন অৱস্থাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আকস্মিকভাৱে মৃত্যুমুখত পৰে। আৰ্য্য সাহিত্য সভা, নলবাৰী ব্ৰাহ্মণ সমাজ, সদৌ নলবাৰী জ্যোতিষ সন্মিলন আদিকে ধৰি নলবাৰীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল প্ৰয়াত শৰ্মা। শাস্ত্ৰজ্ঞ পণ্ডিত গৰাকীৰ মৃত্যুত নলবাৰীত শোক ছাঁ পৰিছে। মৃত্যুৰ সময়ত প্ৰয়াত শৰ্মাই পত্নী, দুই পুত্ৰ, চাৰি কন্যা, বোৱাৰী-জোৱাই, নাতি-নাতিনী, নাতি জোৱাইসহ পৰিয়াল-পৰিজনক এৰি থৈ গৈছে। শুকুৰবাৰে অসংখ্য পৰিয়ালৰ লোকৰ লগতে গুণমুগ্ধৰ উপস্থিতিত প্ৰয়াত শৰ্মাৰ শেষকৃত্য সম্পন্ন কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই...

হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি...

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু...

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ...