নলবাৰীৰ বিশিষ্ট শাস্ত্ৰজ্ঞ, বেদজ্ঞ পণ্ডিত নাৰায়ণ শৰ্মাৰ দেহাৱসান

নলবাৰী চহৰৰ চ’কবজাৰ মাজদিয়া নিৱাসী বিশিষ্ট বেদজ্ঞ পণ্ডিত, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক, বিশিষ্ট সমাজসেৱী নাৰায়ণ শৰ্মাৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে। ৮৬ বছৰত মৃত্যুবৰণ কৰা প্ৰয়াত নাৰায়ণ শৰ্মা শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ যোৱা ৩০ ডিচেম্বৰৰ পৰা GMCH ত চিকিৎসাধীন হৈ আছিল। ২ জানুৱাৰীৰ দিনা দিনৰ প্ৰায় ১ বজাত চিকিৎসাধীন অৱস্থাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আকস্মিকভাৱে মৃত্যুমুখত পৰে। আৰ্য্য সাহিত্য সভা, নলবাৰী ব্ৰাহ্মণ সমাজ, সদৌ নলবাৰী জ্যোতিষ সন্মিলন আদিকে ধৰি নলবাৰীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল প্ৰয়াত শৰ্মা। শাস্ত্ৰজ্ঞ পণ্ডিত গৰাকীৰ মৃত্যুত নলবাৰীত শোক ছাঁ পৰিছে। মৃত্যুৰ সময়ত প্ৰয়াত শৰ্মাই পত্নী, দুই পুত্ৰ, চাৰি কন্যা, বোৱাৰী-জোৱাই, নাতি-নাতিনী, নাতি জোৱাইসহ পৰিয়াল-পৰিজনক এৰি থৈ গৈছে। শুকুৰবাৰে অসংখ্য পৰিয়ালৰ লোকৰ লগতে গুণমুগ্ধৰ উপস্থিতিত প্ৰয়াত শৰ্মাৰ শেষকৃত্য সম্পন্ন কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...

মানৱ মলৰ পৰা ‘পুপক্ৰিট’! বহনক্ষম কংক্ৰিট নিৰ্মাণত ভাৰতীয় গৱেষকৰ অভিনৱ সাফল্য

কংক্ৰিটক আধুনিক সভ্যতাৰ অন্যতম মূল ভেটি বুলি ক’লেও ভুল...

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ...