অভিশপ্ত ৩জানুৱাৰী!

বালিজান ট্ৰেজেদীৰ এটা বছৰ

সিদিনা হাঁহি থকা মানুহবোৰ মুহূৰ্ততে নাইকিয়া হৈ গৈছিল। তেজেৰে ৰাঙলী হৈ পৰিছিল ৰাজপথ। বুকুত অজুত সপোন লৈ ওলাই যোৱা মানুহবোৰৰ সপোনে ৰাজপথত চটফটাইছিল। নিথৰ হৈ পৰি ৰৈছিল মন্দিৰলৈ বুলি ওলাই যোৱা বহু মানুহৰ নিথৰ দেহ। সেই দুৰ্ঘটনাৰ কথা ভাবিলেই আজিও উচুপি উঠে দেৰগাঁওবাসীয়ে-গোলাঘাটবাসীয়ে। ৰাজ্য কঁপোৱা দেৰগাঁৱৰ বালিজানৰ পথ দুৰ্ঘটনাই সম্পূৰ্ণ কৰিলে এটা বছৰ। ২০২৪ চনৰ ৩ জানুৱাৰীত কমাৰবন্ধাৰ বছাভৰলুৱাৰ পৰা টিলিঙা মন্দিৰ দৰ্শন আৰু বনভোজ খোৱাৰ উদ্দেশ্যে গৈছিল বনভোজকাৰী দল। কিন্তু দেৰগাঁৱৰ বালিজানত বনভোজকাৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত শিশু মহিলাসহ ১২ গৰাকী লোকৰ নিহত হোৱা ঘটনাই জোকাৰি গৈছিল অসম তথা দেশ। সেই অভিশপ্ত দিনটোৰ কথা সুৱঁৰি আজিও শিহৰিত হৈ পৰে স্থানীয় লোকসকল। বালিজানৰ দুৰ্ঘটনাস্থলীত এইবাৰ সতৰ্কতামূলক ভাৱে দেৰগাঁও প্ৰশাসন তথা আৰক্ষীয়ে লৈছে বিশেষ ব্যৱস্থা। গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে পথৰ ওপৰত স্থাপন কৰিছে বেৰিকেড। নিশাৰ ভাগত অঞ্চলটোত ব্যৱস্থা কৰিছে আৰক্ষীৰ পহৰা। প্ৰচণ্ড কুঁৱলী তথা তীব্ৰ গতিবেগ যাতে নিয়ন্ত্ৰণ কৰি এনে দুৰ্ঘটনা ৰোধ কৰিব পাৰে তাৰ বাবেই আৰক্ষীৰ এই ব্যৱস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ড্ৰাগছ সৰবৰাহৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে নেকি কাছাৰ?

অতি সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিয়ে সকলো বিষয়ৰ উৰ্দ্ধত অৱস্থান কৰিলেও...

বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান...

মধ্যপ্ৰদেশত পথ অৱৰোধ! ভাইৰেল মনালিছাক চাবলৈ মানুহৰ ভিৰ

মহাকুম্ভমেলাৰ ভাইৰেল গাৰ্ল মনালিছা। মনালিছাক লৈ সীমাহীন কৌতূহল অনুৰাগীক।...

‘কিং’ শ্বুটিঙৰ মাজতে অঘটন

গুৰুতৰ ভাবে আহত কিংখানচিকিৎসাৰ বাবে আমেৰিকালৈ শ্বাহৰুখ একশ্যন ছবিৰ শ্বুটিঙৰ...