অভিশপ্ত ৩জানুৱাৰী!

বালিজান ট্ৰেজেদীৰ এটা বছৰ

সিদিনা হাঁহি থকা মানুহবোৰ মুহূৰ্ততে নাইকিয়া হৈ গৈছিল। তেজেৰে ৰাঙলী হৈ পৰিছিল ৰাজপথ। বুকুত অজুত সপোন লৈ ওলাই যোৱা মানুহবোৰৰ সপোনে ৰাজপথত চটফটাইছিল। নিথৰ হৈ পৰি ৰৈছিল মন্দিৰলৈ বুলি ওলাই যোৱা বহু মানুহৰ নিথৰ দেহ। সেই দুৰ্ঘটনাৰ কথা ভাবিলেই আজিও উচুপি উঠে দেৰগাঁওবাসীয়ে-গোলাঘাটবাসীয়ে। ৰাজ্য কঁপোৱা দেৰগাঁৱৰ বালিজানৰ পথ দুৰ্ঘটনাই সম্পূৰ্ণ কৰিলে এটা বছৰ। ২০২৪ চনৰ ৩ জানুৱাৰীত কমাৰবন্ধাৰ বছাভৰলুৱাৰ পৰা টিলিঙা মন্দিৰ দৰ্শন আৰু বনভোজ খোৱাৰ উদ্দেশ্যে গৈছিল বনভোজকাৰী দল। কিন্তু দেৰগাঁৱৰ বালিজানত বনভোজকাৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত শিশু মহিলাসহ ১২ গৰাকী লোকৰ নিহত হোৱা ঘটনাই জোকাৰি গৈছিল অসম তথা দেশ। সেই অভিশপ্ত দিনটোৰ কথা সুৱঁৰি আজিও শিহৰিত হৈ পৰে স্থানীয় লোকসকল। বালিজানৰ দুৰ্ঘটনাস্থলীত এইবাৰ সতৰ্কতামূলক ভাৱে দেৰগাঁও প্ৰশাসন তথা আৰক্ষীয়ে লৈছে বিশেষ ব্যৱস্থা। গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে পথৰ ওপৰত স্থাপন কৰিছে বেৰিকেড। নিশাৰ ভাগত অঞ্চলটোত ব্যৱস্থা কৰিছে আৰক্ষীৰ পহৰা। প্ৰচণ্ড কুঁৱলী তথা তীব্ৰ গতিবেগ যাতে নিয়ন্ত্ৰণ কৰি এনে দুৰ্ঘটনা ৰোধ কৰিব পাৰে তাৰ বাবেই আৰক্ষীৰ এই ব্যৱস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...