পুৱাৰে পৰা উত্তপ্ত হাতীগাঁৱৰ সিজুবাৰী

বিগত ৩ ডিচেম্বৰত কামৰূপ জিলাৰ আজ্ঞাঠুৰীত সংঘটিত হৈছিল এক শিহৰণকাৰী এনকাউন্টাৰৰ ঘটনা। আৰক্ষীয়ে দাবী কৰা অনুসৰি সেই গুলীচালনাৰ ঘটনাত নিহত হৈছিল গুৱাহাটীৰ হাতীগাঁও নিবাসী কুখ্যাত ড্ৰাগছ মাফিয়া আব্দুল ছালাম। আহত অৱস্থাত গ্ৰেপ্তাৰ হৈছিল আন দুই ড্ৰাগছ মাফিয়া হিৰণ্য ঠাকুৰীয়া আৰু ফাইজুল হক। ৩ ডিচেম্বৰৰ পুৱতি নিশাৰ সেই ঘটনাত এগৰাকী মহিলা কণিষ্টবলসহ আহত হৈছিল সাধাৰণ জনতাও। কিন্তু বুধবাৰে নিহত আব্দুল ছালামৰ পৰিয়ালে উত্থাপন কৰা চাঞ্চল্যকৰ অভিযোগে এই এনকাউন্টাৰৰ ঘটনাক ৰহস্যৰ আৱৰ্তলৈ ঠেলি দিছে। আৰক্ষীৰ ইনফৰ্মাৰ হিচাপেহে কাম কৰিছিল হেনো আব্দুল ছালামে।

ভুৱা এনকাউন্টাৰ!
পুৱাৰে পৰা উত্তপ্ত হাতীগাঁৱৰ সিজুবাৰী
৩ ডিচেম্বৰত আজ্ঞাঠুৰীত ভুৱা এনকাউন্টাৰৰ অভিযোগ
আৰক্ষীৰ ইনফৰ্মাৰহে আছিল নিহত আব্দুল ছালাম

আৰক্ষীৰ তথ্য অনুসৰি আৰক্ষীৰ গুলীত নিহত আব্দুল ছালাম আছিল কুখ্যাত ড্ৰাগছ মাফিয়া। কিন্তু এই অভিযোগ নস্যাৎ কৰি ওলোটাই অভিযানকাৰী আৰক্ষীৰ দলৰ বিৰুদ্ধেহে ক্ষোভ নিহত ছালামৰ পৰিয়ালৰ।

৩ ডিচেম্বৰৰ পুৱতি নিশা কামৰূপ জিলাৰ আজ্ঞাঠুৰীত সংঘটিত হৈছিল এই শিহৰণকাৰী এনকাউন্টাৰৰ ঘটনা। আৰক্ষীয়ে সাংবাদিকক দিয়া তথ্য অনুসৰি AS 01 FQ 8535 নম্বৰৰ ছুইফ্ট বাহনত আহিছিল ৩ ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে বাহনখন ৰখাবলৈ দিওঁতেই আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীয়ে। লগে লগেই গুলীৰে প্ৰত্যুত্তৰ দিয়ে কামৰূপৰ ADL. SP. কল্যাণ কুমাৰ পাঠক নেতৃত্বাধীন আৰক্ষীৰ দলটোৱে। আৰক্ষীৰ গুলীচালনাত গুৱাহাটীৰ সিজুবাৰীৰ ড্ৰাগছ মাফিয়া আব্দুল ছালাম নিহত হোৱাৰ লগতে আন দুই ড্ৰাগছ মাফিয়া হিৰণ্য ঠাকুৰীয়া আৰু ফাইজুক হক আহত হয়। দুয়োকে গ্ৰেপ্তাৰ কৰি GMCHলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। গুলীচালনাৰ এই ঘটনাত আহত হয় স্থানীয় নুৰ ইছলাম আৰু ৰেৱতী ভৰালী। আৰক্ষীৰ মহিলা কনিষ্টবল হিমাজ্যোতি ডেকাও আহত হয় গুলীচালনাৰ ঘটনাত।

৩ ডিচেম্বৰৰ পুৱতি নিশাৰ এই ঘটনাৰ পিছত ৪ ডিচেম্বৰ সোমবাৰে সম্পন্ন হয় নিহত আব্দুল ছালামৰ মৰোণত্তৰ পৰীক্ষা। ৫ ডিচেম্বৰৰ সন্ধিয়া হাতীগাঁও সিজুবাৰীত পৰিয়ালৰ লোকে সম্পন্ন কৰে ছালামৰ জানাজা। আৰু তাৰ পিছত ৬ ডিচেম্বৰ পুৱাৰে পৰা সিজুবাৰীত উত্তপ্ত পৰিস্থিতি। পৰিয়ালৰ মতে ড্ৰাগছৰ সৈতে জড়িত নাছিল ছালাম, আৰক্ষীৰ ইনফৰ্মাৰ হিচাপেহে কাম কৰিছিল। ২ ডিচেম্বৰৰ নিশা আছিমউদ্দিন আৰু বাহাৰ আলীয়ে মাতি নিছিল আব্দুল ছালামক। সেই দিনাও আৰক্ষীৰ গাড়ীতে লৈ যোৱা হৈছিল আব্দুলক। নিহত ছালামৰ পত্নীৰ অভিযোগ- আছিমউদ্দিন আৰু বাহাৰে আৰক্ষীৰে মিলি হত্যা কৰিছে আব্দুলক। আজ্ঞাঠুৰীৰ এনকাউন্টাৰক লৈ তদন্ত দাবী আব্দুল ছালামৰ পৰিয়ালৰ।

হাতীগাঁৱত উদ্ভৱ হোৱা এই পৰিস্থিতিৰ মাজতে NKTVলৈ আহিল আৰু এটা খবৰ। নিহত আব্দুলৰ পত্নীও আছিল ড্ৰাগছ সৰবৰাহকাৰী। গোচৰ নং– 329/22ৰ সন্দৰ্ভত হাতীগাঁও থানাই ২০২২ত গ্ৰেপ্তাৰ কৰিছিল ময়ূৰী বেগমক। ৩ ডিচেম্বৰত আজ্ঞাঠুৰীত হোৱা এনকাউন্টাৰত আহত হিৰণ্য ঠাকুৰীয়াৰ বিৰুদ্ধেও আছে ড্ৰাগছৰ গোচৰ। গোচৰ নং– 1216/21ৰ সন্দৰ্ভত হাজো থানাই গ্ৰেপ্তাৰ কৰিছিল হিৰণ্য ঠাকুৰীয়াক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...