পুনৰ সৰ্প দংশনত বজালীত মৃত্যু হ’ল এজন শিক্ষকৰ

২০২৩বৰ্ষত নলবাৰীত সৰ্প দংশনত এগৰাকী কণমানিৰ মৃত্যুৱে জোকাৰিছিল ৰাজ্য
চৰকাৰী চিকিৎসালয়ত সৰ্পদংশনৰ চিকিৎ‍সাৰ ব্যৱস্থাক লৈ হৈছিল প্ৰতিক্ৰিয়া
কিন্তু সলনি নহ’ল পূৰ্বৰ পৰিস্থিতিৰ!
পুনৰ সৰ্প দংশনত বজালীত মৃত্যু হ’ল এজন শিক্ষকৰ

বজালীৰ পশ্চিম কঠালমুৰীত বিষাক্ত ফেঁটীসাপৰ দংশনত মৃত্যুক সাৱটিব লগা হয় ৰজনী দাস নামৰ শিক্ষকজনে। সন্ধিয়া কুকুৰাৰ গৰালৰ পৰা কণী আনিবলৈ যাওঁতে হাতত দংশন কৰে এডাল বিষাক্ত ফেঁটী সাপে৷ ঘটনাৰ প্ৰায় চল্লিশ মিনিটৰ ভিতৰতে পাঠশালাস্থিত শ্বহীদ মদন-ৰাউতা অসামৰিক চিকিৎসায়লৈ লৈ যোৱা হয় ৰজনী দাসক৷ কিন্তু পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি মাত্ৰ এটা বিষৰ বেঁজী দিয়াৰ বাহিৰে ২ ঘণ্টা ২০ মিনিটকৈ সময় সকলো ঠিকে থকা বুলি কৈ কোনো চিকিৎ‍সা নকৰিলে চিকিৎ‍সকে। চিকিৎ‍সালয়খনত মজুত থকাৰ পিছতো লোকজনক দিয়া নহ’ল এণ্টিভেনম। অৱশেষত লোকজনৰ অৱস্থা ক্ৰমান্বয়ে সংকটজনক হৈ অহা দেখি পৰিয়ালৰ লোকে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ লোকজনক লৈ যায় ৷ অৱশ্যে সময় যথেষ্ট উকলি যোৱাত তাতেই ৰজনী দাসৰ মৃত্যু ঘটে৷ পাঠশালাৰ চিকিৎসালয়ত সঠিক সময়ত উপস্থিত হোৱাৰ পাছতো লোকজনে উপযুক্ত চিকিৎসা নোপোৱাৰ ফলতে অকাল মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে।

পূৰ্বে পাঠাশালা চৰকাৰী স্বাস্থ্য কেন্দ্ৰত নাছিল এণ্টিভেনৰ ব্যৱস্থা। কিন্তু NKTV PLUSৰ বাতৰিৰ প্ৰভাৱত বিগত নৱেম্বৰ মাহতে স্বাস্থ্য কেন্দ্ৰটোত স্থাপন কৰা হৈছিল সৰ্প দংশন চিকিৎসাৰ বিশেষ কেন্দ্ৰ। সেই কেন্দ্ৰটোতে চিকিৎ‍সকৰ হেমাহিত শিক্ষকজনৰ মৃত্যু অভিযোগ। অৱশ্যে সেই অভিযাগ নস্যাৎ‍ কৰিছে চিকিৎ‍সালয় কৰ্তৃপক্ষই।

কিন্তু সকলো সুবিধা থকাৰ পিছতো কিয় লোকজনক সময়মতে উপযুক্ত চিকিৎ‍সা প্ৰদান কৰা নহ’ল? বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে তৎকালে ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে।

বজালীত শেহতীয়াকৈ সৰ্পদংশনৰ ঘটনা বৃদ্ধি পোৱাক লৈ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক সজাগতা সৃষ্টিৰো নিৰ্দেশ দিছে জিলা আয়ুক্তই।

নিশ্চিতভাবে বজালীত সৰ্প দংশনৰ ঘটনা বৃদ্ধি পোৱাটো এক উদ্বেগজনক বিষয় আৰু এনে ক্ষেত্ৰত চৰকাৰী চিকিৎসা ব্যৱস্থা শক্তিশালী হোৱাটো নিত্যান্তই প্ৰয়োজন। কিন্তু যি নহ’লেও পাঠশালাত পুনৰবাৰ সৰ্প দংশনত শিক্ষকৰ মৃত্যু ঘটনাই চৰকাৰী চিকিৎসা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ পুনৰ উদঙাই দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...