ৰাজ্যত বাৰিষাৰ দ্বিতীয়টো বানৰ সংহাৰ

ৰাজ্যত বাৰিষাৰ দ্বিতীয়টো বানৰ সংহাৰ
উজনি-নামনি সৰ্বত্ৰ প্ৰলয়ংকৰী বান
নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠা উমৰাংছ’ৰ খানডাং জলবিদ্যুৎ‍ প্ৰকল্পৰ ৭খন গে’ট পুনৰ খুলি দিয়া হ’ল। হোৰাহোৰে নদীবান্ধৰ পৰা নামি অহা পানীয়ে নামনিৰ অঞ্চললৈ মাতিছে অশনি সংকেট। নদীবান্ধৰ পানীয়ে উফন্দাই তুলিছে কপিলীৰ বুকু। পানী এৰি দিছে কাৰ্বি লাংপি জলবিদ্যুৎ‍ প্ৰকল্পইও। ফলত এতিয়া কালৰূপ ধাৰণ কৰিছে কপিলীয়ে। হোজাইত কপিলীৰ বানে চলাইছে সংহাৰ। একেই পৰিস্থিতি পশ্চিম কাৰ্বি আংলং, কামপুৰটো। প্ৰথমটো বানত ঘৰ-ভেটি হেৰুৱা ৰাইজ আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ উভতিবলৈ নাপালেই। দ্বিতীয়টো বানে পুনৰ তচ–নচ কৰি পেলালে নৈপৰীয়াৰ ঘৰদুৱাৰ। পুনৰ বানৰ কবলত পৰিছে হোজাইৰ কোমোৰাকতা, ঠেপলাগুৰি, কেন্দুগুৰিকে ধৰি বিস্তৃৰ্ণ অঞ্চল।

এমাহতে অহা দ্বিতীয়টো বানৰ ফলত কামপুৰটো সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি। বাঢ়নি পানীয়ে বুৰাই পেলাইছে কামপুৰৰ ১০খনৰো অধিক গাঁও। চাংচকী, বকুলগুৰি আৰু পটিয়াপামত ভগ্ন মথাউৰিৰে পানী সোমাই প্লাৱিত কৰিছে বৃহত্তৰ অঞ্চল। কামপুৰ-যমুনামুখ, চাংচকী-কাৰ্বিআলং সংযোগী পথৰ ওপৰেদি পানী বাগৰাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত। খৰালিত শুই বহি কটোৱা জলসম্পদ বিভাগে বানৰ মাজত আজি চাংচকীত শুভাৰম্ভ কৰে মথাউৰি নিৰ্মাণৰ কাম৷ বিভাগৰ এনে হঠকাৰী কাণ্ডত জাঙুৰ খাই উঠিছে ৰাইজ।

মথাউৰি নিৰ্মাণৰ বাবে ২০২১/২২ বৰ্ষত চাংচকী পঞ্চায়তত দিছিল ২৬ লাখ টকা আৱন্তন।
MGNREGA আঁচনিৰ জড়িয়তে হৈছিল কাম। কিন্তু মথাউৰিৰ পৰিৱৰ্তে ঠিকাদাৰ আৰু জনপ্ৰতিনিধিৰ পকেট গৰম হোৱাৰ অভিযোগ বন্যাত্ৰৰ।

ধাৰাষাৰ বৰষুণৰ ফলত নামনি অসমতো ক্ৰমাৎ‍ জটিল হোৱাৰ দিশে বান পৰিস্থিতি। মঙলদৈ পূব বাঁহজানীত নোৱা নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিভিন্ন অঞ্চল। গাইড বান্ধ ছিঙি যোৱাৰ ফলতে ভয়াৱহ হৈছে পৰিস্থিতি। ক্ষতিগ্ৰস্ত হৈছে শতাধিক পৰিয়াল। খেতি পথাৰ সম্পূৰ্ণৰূপে নষ্ট হোৱাৰ লগতে পুখুৰী ফিচাৰী সমূহ বুৰযোৱাত মৎ‍স্য পালকে কৰিছে হাহাকাৰ। বাৰিষাৰ পূৰ্বে বিয়াগোম জলসম্পদ বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই পুনৰ শংকাত ভূগিছে পূব বাঁহজানীৰ ৰাইজ। জলসম্পদ বিভাগৰ অকৰ্মন্যতাৰ বাবেই বৃহত্তৰ পশ্চিম নলবাৰীৰ ৰাইজেও ককবকাব লগীয়া হৈছে বানত। বুঢ়াদিয়া নৈৰ উন্মুক্ত মথাউৰিৰে হোৰাহোৰে সোমাইছে পানী। ফলত বানত ডুব গৈছে উত্তৰ আমনি, পূৰ্ণি, নদলাকে ধৰি বিস্তীৰ্ণ অঞ্চল। অতীজৰে পৰা জলসম্পদ বিভাগে যেন উৎ‍সৱৰ দৰেই পালন কৰি আহিছে বানপানীক। মথাউৰিবোৰ হৈ পৰিছে বিভাগটোৰ বাবে একো একোটা সোণৰ কণী পৰা হাঁহ। খৰালি শামুকীয়া গতিৰে কাম কৰি ভৰ বাৰিষা দেখুৱাই তৎ‍পৰতা। দোপদদোপে উন্নতি হয় বিভাগৰ বিষয়া কৰ্মাচাৰীৰ, সৰ্বস্বান্ত হয় নৈপৰীয়া। কিন্তু প্ৰশ্ন হয় এই অশুভ পৰম্পৰাৰ শেষ কেতিয়া?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...