এগৰাকী সাধাৰণ মহিলাই ৰক্ষা কৰিলে বহুজনৰ প্ৰাণ!

আপুনি হয়তো ৰে’লৰ লগত ঘটা বিভিন্ন ঘটনাৰ কথা শুনিছে। পিছে এই ঘটনাৰ বিষয়ে শুনিলে উৎসাহিত হৈ উঠিব আপুনি। আমি ক’ব বিচাৰিছো এগৰাকী সাধাৰণ মহিলাৰ সাহসৰ কথা। তেওঁ কৰা কামৰ বাবে এতিয়া সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে এই মহিলাগৰাকীয়।

এইমহিলাগৰাকীয়ে পুৱায়ে ওলাই গৈছিল খেতিপথাৰলৈ। সেই সময়তে মহিলাগৰাকীয়ে ৰেল লাইনৰ মাজত ফাট মেলা প্ৰত্যক্ষ কৰে। সেই সময়খিনিত এখন ৰেল অহাৰো উমান পাই মহিলাগৰাকীয়ে। ৰেলখনত যাত্ৰা কৰি আছিল হাজাৰ হাজাৰ যাত্ৰী। সেই সময়ত মহিলা গৰাকীৰ ৰেলখনক দুৰ্ঘটনাৰ পৰা বচাবলৈ এটি উপায় বিচাৰি পাইছিল। মহিলা গৰাকীয়ে পৰিধান কৰা ৰঙা ৰঙৰ শাৰীখন খুলি তেওঁ ৰেল লাইনৰ ওপৰত ওলোমাই ৰাখে আৰু এনেদৰেই দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে হাজাৰজন যাত্ৰীৰ জীৱন। ঘটনাটো শুকুৰবাৰে পুৱা ৭ বাজি ৫৫ মিনিটত সংঘটিত হয়। মহিলা গৰাকী বিহাৰৰ গুলৰিয়া গাওঁৰ নিবাসী। এইগৰাকী ৫৮ বছৰ বয়সীয়া সাহসী মহিলাৰ নাম অমাৱতী।

অমাৱতীয়ে ঘটনা সন্দৰ্ভত জনায় যে, তেওঁ জানিছিল ৰাঙা ৰঙৰ কাপোৰ সন্মুখত থাকিলে ৰেল ৰৈ যায়। আৰু সেইবাবে তেওঁ পৰিধান কৰি থকা শাৰীখন খুলি ৰেল লাইনটোত আঁৰি দিছিল। আৰু এনেদৰেই অমাৱতীয়ে হাজাৰজন যাত্ৰী প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...