দোষীক আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ, মৃত্যুৰ ১৭ বছৰ পাছত ন্যায় পালে এজন লোকে

প্ৰসংগ: কাছাৰৰ কালাইনত আৰক্ষীৰ জিম্মাত অপৰাধীৰ মৃত্যু। অপৰাধী মতাহিৰ আলীৰ মৃত্যু সন্দৰ্ভত আদালতে দিলে গুৰুত্বপূৰ্ণ ৰায়দান। প্ৰাক্তন SI নাৰায়ণ তামুলীক আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ। ঘটনাৰ ১৭ বছৰ পাছত পিতৃ মৃত্যুৰ ন্যায় পাই কান্দি উঠিল পুত্ৰ । ৰায়দানৰ পাছতেই তামুলীক প্ৰেৰণ আদালতৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ। এটা মাৰপিটৰ ঘটনাত মতাহিৰ আলী তাপাদাৰক গ্ৰেপ্তাৰ কৰিছিল প্ৰাক্তন SIজনে। মতাহিৰ আলীৰ পৰা ইনচাৰ্জ তামুলীয়ে ১০ হাজাৰ টকা দাবি কৰাৰ অভিযোগ। দাবী কৰা ধন নিদিয়াৰ বাবে পিতৃক অত্যাচাৰ চলাই হত্যা কৰাৰ অভিযোগ পুত্ৰৰ। নাৰায়ণ তামুলী, কনিষ্টবল ৰমজান হুছেইন চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল পুত্ৰই ।

Popular

More like this
Related

ISROৰ নতুন অধ্যক্ষ ভি নাৰায়ণনৰ এই কথাকেইটা জানেনে?

কেন্দ্ৰীয় চৰকাৰে মহাকাশ বিজ্ঞানী ভি নাৰায়ণনক ভাৰতীয় মহাকাশ গৱেষণা...

প্ৰথমে শ্বেখ হাছিনা, এতিয়া খালেদা জিয়াই এৰিলে দেশ!

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াই লণ্ডনলৈ ৰাওনা হয়। চিকিৎসাৰ...

অসমলৈ কিয় আহিছে জে পি নাড্ডাই?

অসমত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে...

উমৰাংছ’ৰ কয়লাখনিত উদ্ধাৰ আবদ্ধ শ্ৰমিকৰ মৃতদেহ

উমৰাংছ’ৰ কয়লাখনিত উদ্ধাৰ আবদ্ধ এজন শ্ৰমিকৰ মৃতদেহ। আবদ্ধ হৈ...