বিৰাট উপহাৰ! মিচেলক নিজে স্বাক্ষৰ কৰা জাৰ্চি প্ৰদান কৰিলে বিৰাট কোহলীয়ে

ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈ যোৱা তিনিখনীয়া এদিনীয়া ছিৰিজত ডেৰিল মিচেলে মেন অৱ দ্য ছিৰিজৰ খিতাপ লাভ কৰিছে। তিনিখন মেচৰ শৃংখলাত তেওঁ দুটা শতক আৰু শতক অৰ্জন কৰে। ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিপাক্ষিক এদিনীয়া শৃংখলাত জয়লাভ কৰিছে নিউজিলেণ্ডে। ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে মিচেলক এক বিশেষ উপহাৰ দিলে।

কোহলীয়ে মিচেলক দিলে তেওঁৰ দ্বাৰা স্বাক্ষৰিত জাৰ্চি। ইন্দোৰত মেচৰ অন্তত কোহলীয়ে মিচেলৰ ফালে খোজ কাঢ়ি গৈ মিচেলক জাৰ্চিটো দিলে আৰু মিচেলেও হাঁহি এটি মাৰি গ্ৰহণ কৰিলে উপহাৰটি গ্ৰহণ কৰিলে। ক্ৰিকেটাৰ দুগৰাকীয়ে অলপ সময় কথা পাতিলে। ইয়াৰ পিছত কোহলীয়ে পুনৰ সতীৰ্থসকলৰ ওচৰলৈ উভতি আহে।

এই দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সকলোৱে কৈছে যে, সেইবাবেই কোহলী এজন শ্ৰেষ্ঠ ক্ৰিকেটাৰ। বিৰোধীক সন্মান কৰিব জানে কোহলীয়ে। প্ৰতিপক্ষৰ কৃতিত্বক প্ৰশংসা কৰিব জানে কোহলীয়ে।

এদিনীয়া শৃংখলাখনিত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে মিচেলে। তিনিখন মেচত গড়ে ১৭৬ ৰান কৰি ৩৫২ ৰান সংগ্ৰহ কৰিছে মিচেলে। তেওঁ ভাৰতৰ মাটিত খেলা মাত্ৰ ৮ ইনিংছত চাৰিটা শতক অৰ্জন কৰিছে, যিটো আন কোনো বিদেশী বেটছমেনে কৰিব পৰা নাই।

ইন্দোৰত অনুষ্ঠিত ছিৰিজৰ ডিচাইডাৰত মিচেলৰ ১৩৭ ৰান আৰু গ্লেন ফিলিপছৰ শতকেৰে নিউজিলেণ্ডে ৩৩৭ ৰান সংগ্ৰহ কৰে। চেজত কোহলীৰ বাহিৰে টপ অৰ্ডাৰৰ কোনেও কোনো ৰান নাপালে। কোহলীয়ে ১২৪ ৰান সংগ্ৰহ কৰে। কিন্তু তেওঁৰ যুঁজখনে দলটোক জয়ী কৰাব নোৱাৰিলে। ৩৩৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ২৯৬ ৰানত অল আউট হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় গোটলৈ পাকিস্তানক আমন্ত্ৰণ ট্ৰাম্পৰ

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে...

গাজাৰ ‘শান্তি ব’ৰ্ড’ৰ মঞ্চলৈ ভাৰতক আমন্ত্ৰণ জনাইছে ড’নাল্ড ট্ৰাম্পে

শুল্ক যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ গাজাত...

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...