বহু বছৰৰ পাছত, বহু দশকৰ পাছত… যোৰহাটত আমেৰিকাৰ ‘কিম ডগছন’

চন ১৯৫৭। স্থান যোৰহাট। সুদূৰ আমেৰিকাৰ নিউজাৰ্চি চহৰৰ পৰা যোৰহাটৰ খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰত চিকিৎসা সেৱা আগবঢ়াবলৈ আহিছিল ডাঃ কেভি ডগছন নামৰ চিকিৎসকজন। সময়বোৰ আগবাঢ়িছিল। অসম আৰু অসমীয়াৰ মাজত থাকিবলৈ লোৱা ডগছন দম্পতী ক্ৰমে প্ৰেমত পৰিছিল আপোনাৰ-মোৰ আইৰ মুখৰ ভাষাটোৰ। অসমীয়া ভাষাটোক ভাল পাইছিল, শ্ৰদ্ধা কৰিছিল দুই স্বামী-স্ত্ৰীয়ে। সেয়ে তেওঁলোকৰ কণমানি কন্যা সন্তান কিম ডগছনক শিক্ষা জীৱনৰ আদিপাঠ আৰম্ভ কৰাইছিল যোৰহাটৰ অসমীয়া মাধ্যমৰ আগশাৰীৰ চৰকাৰী শিক্ষানুষ্ঠান বাল্যভৱন বিদ্যালয়ত। পৰৱৰ্তী সময়ত বাল্য ভৱন বিদ্যালয় সলনি কৰি বৰ্ডিং স্কুললৈ গুচি গৈছিল যদিও সদায় সজীৱ হৈ ৰৈছিল আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি কৰা অসমীয়া মাধ্যমৰ স্মৃতি। সময়ৰ সোঁতত তেওঁলোক এদিন উভতি গ’ল স্বদেশলৈ। কিন্তু লগত লৈ গ’ল অসমীয়াৰ প্ৰতি থকা ভালপোৱাবোৰ। কেৱল ইমানেই নহয়, স্বদেশতো গৈ অসমীয়া ভাষাৰ চৰ্চা কৰিছিল তেওঁলোকে। কিম আজি ৬৯ বছৰীয়া। বহু দিনৰেই কথা সেয়া, বিচাৰিলেও উভতাই নোপোৱা সোণোৱালী অতীত সেয়া। কিন্তু এতিয়াও সেই অতীতে ৰিঙিয়াই মাতে কিম ডগছনক। যাৰ বাবেই হয়তো বহু বছৰৰ পিছত, বহু দশকৰ পিছত যোৰহাটৰ নিজে পঢ়া বিদ্যালয়খনলৈ আহিল ‘কিম ডগছন’। তেওঁ চালে ঠাইবোৰ, শ্ৰেণীকোঠাবোৰ, এবাৰ উশাহ ল’লে আপোন ঠাইখনত, সময়ৰ সোঁতত পৰিৱৰ্তনে দোলা দি গ’লেও বিদ্যালয়খনত তেওঁ বিচাৰি পালে এসময়ৰ স্মৃতিবোৰ। তেওঁলোকৰ স্মৃতিবোৰ বুকুত সাৱটিয়েই আজিও জিলিকি আছে যোৰহাটৰ বাল্য ভৱন বিদ্যালয়। কিন্তু নাই কিমে ভাল পোৱা বন্ধু-বান্ধৱী নাইবা শিক্ষকসকল। সংবাদ মাধ্যমৰ সন্মুখত বিদ্যালয়খনৰ মৰমৰ ‘বৰ বাইদেউ’, ‘সৰু বাইদেউ’ৰ স্মৃতি আজিও বুকুত সজীৱ বুলি উল্লেখ কৰিলে প্ৰাক্তন ছাত্ৰী কিমে।

আজি সমৃদ্ধ এইগৰাকী মহিলা… অতীতক সুঁৱৰি নষ্টালজিক বিদেশী কিম ডগছন। হঠাৎ বিদ্যালয়ত প্ৰাক্তন ছাত্ৰীগৰাকীক লগ পাই উৎফুল্লিত বিদ্যালয়খনৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকল। আনফালে মহাত্মা গান্ধীৰ আদৰ্শৰেও অনুপ্ৰাণিত এইগৰাকী মহিলা। কিয়নো শিক্ষা জীৱনৰ আৰম্ভণিতে তেওঁ বাল্য ভৱন বিদ্যালয়ৰ পাঠ্যপুথিত লাভ কৰিছিল মহাত্মা গান্ধীৰ নীতি-আদৰ্শ তথা জীৱন সম্পৰ্কীয় জ্ঞান। সঁচাই এনে খবৰ ভাল লগা…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...