সাগৰীয় ঘূৰ্ণি ডানাই জোকাৰিছে পশ্চিমবংগ আৰু ওড়িষ্যাক

উন্মত্ত সাগৰৰ উত্ৰাৱল ঢৌৱে সৃষ্টি কৰিছে প্ৰাকৃতিক প্ৰলয়ৰ। সাগৰীয় ঘূৰ্ণি ডানাই জোকাৰিছে পশ্চিমবংগ আৰু ওড়িষ্যাক। ওড়িষ্যাৰ সাগৰৰ উত্তাল জলৰাশিৰ ভয়াৱহ দৃশ্য পোহৰলৈ আহিছে। দৃশ্যত ওড়িষ্যাৰ ধামাৰা বন্দৰৰ পৰা বন্দী কৰা হৈছে কেমেৰাত।

কোনোমতে বন্দৰৰ কাষলৈ আহিবলৈ চেষ্টা কৰা হৈছে। কোনো একোখন জাহাজ ডুবি গৈছে বহুলাংশে। সাগৰৰ উত্তাল জলধাৰৰ শৱদে জোকাৰি পেলাইছে উপকূলীয় অঞ্চল।

সাগৰৰ ঢৌৱে জোকাৰি পেলাইছে বহুকেইখন জাহাজ। যিকোনো মুহূৰ্তত তচনচ হৈ যোৱাৰ উপক্ৰম হৈছে জাহাজকেইখন।

শংকিত হৈ পৰিছে সাগৰৰ তীৰৰ নিচেই ওচৰত বসবাস কৰা লোকসকল। এনেকৈয়ে এতিয়া সাগৰীয় ঘূৰ্ণী ডানাই শংকিত কৰি ৰাখিছে দুই ৰাজ্যক। উত্তৰ-পূবৰ বহু অঞ্চলতো পৰিছে ইয়াৰ বিৰূপ প্ৰভাৱ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...