ৰাজ্যসভাত উচ্চাৰিত হ’ল এগৰাকী অসম সন্তানৰ নাম

ৰাজ্যসভাত উচ্চাৰিত হ’ল এগৰাকী অসম সন্তানৰ নাম। গোলাঘাটৰ এক দম্পত্তিৰ কৰ্মই চৰ্চা লাভ কৰিছে। কেৱল ৰাজ্যসভাতে নহয়। পৃথিৱীৰ প্ৰায় ৩৫খন দেশতে আছে তেওঁলোকৰ নাম। এখন সৰু ঘৰৰ পৰা লোৱা এটা উদ্যোগে আজি জিনিছে বিশ্ব।

ৰাজ্যসভাত প্ৰশংসিত অসমৰ যুৱক
নিজ উদ্যম আৰু কৰ্মেৰে বিশ্ব জিনিছে এক দম্পতিয়ে
এখন সৰু ঘৰৰ পৰাই বিশ্বৰ ৩৫খন দেশত চমক গোলাঘটীয়াৰ
২০২০ চনত NKTVয়ে ৰাইজৰ মাজলৈ অনা এক বিষয় এতিয়া বিশ্বব্যাপী চৰ্চিত

এয়া গোলাঘাটৰ এটি দম্পত্তি। এওঁলোক গোলাঘাটৰ হিন্দীস্কুল ৰোডৰ ৩ নং ৰে’লগেটৰ নিৱাসী চৈয়দ বদৰুল আশ্বহাদ আৰু তেওঁৰ পত্নী চৈয়দা ফাতিমা বিন্ত মাজিদ। অতি সম্প্ৰতি দেশৰ কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰীৰ মুখত উচ্চাৰিত হ’ল বদৰুলৰ নাম।

গোলাঘাটৰ এখন সৰু ঘৰত মৰাপাটৰ সামগ্ৰীৰ এটা ক্ষুদ্ৰ উদ্যোগ।প্ৰস্তুত কৰা হয় মৰাপাটৰ বেগ,ফুল ইত্যাদি। প্ৰায় ১০জন কৰ্মচাৰীৰ সহায়েৰে নিজ ঘৰতেই গঢ় দিয়া Bafa Bags India Pvt Ltd নামৰ এই কোম্পানী এতিয়া চৰ্চিত বিশ্বব্যাপী। আমেৰিকা, কানাডা, ৰাছিয়া, ফিনলেণ্ড, নেদাৰলেণ্ড, ছৌদি আৰৱ আদি বিশ্বৰ প্ৰায় ৩৫খন দেশৰ বজাৰত চাহিদা বৃদ্ধি পাইছে তেওঁলোকে নিৰ্মাণ কৰা বেগ ইত্যাদিৰ।

কেৱল সেইয়াই নহয় ভাৰতৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিচাৰে তেওঁলোকৰ উৎপাদিত সামগ্ৰী। এই দম্পত্তিয়ে বিদেশলৈ সামগ্ৰী ৰপ্তানি কৰে ভাৰতীয় ডাক বিভাগৰ জৰিয়তে।শেহতীয়াকৈ ভাৰতীয় ডাক বিভাগ আইনত ১২৫ বছৰৰ পাছত হৈছে সংশোধন। সেই আইন সংশোধনী বিল উত্থাপন কৰোতে ছৈয়দ বদৰুলৰ উদাহৰণ ৰাজ্যসভাৰ মজিয়াত দাঙি ধৰিলে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

তেওঁলোকৰ ৰপ্তানিৰ জৰিয়তে লাভান্বিত হৈছে ভাৰতীয় ডাক বিভাগ। দেশৰ পাঁচ উদ্যমীৰ ভিতৰত অন্যতম চৈয়দ বদৰুল আশ্বহাদ আৰু তেওঁৰ পত্নী চৈয়দা ফাতিমা বিন্ত মাজিদৰ Bafa Bags India Pvt Ltd… গোলাঘাটৰ দৰে এখন সৰু চহৰৰ পৰা এয়াই যেন এক বিশ্বমুখী যাত্ৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...