চিনেমাৰ কায়দাৰে এক নৃশংস হত্যাকাণ্ড

চিনেমাৰ কায়দাৰে এক নৃশংস হত্যাকাণ্ড
ব্যস্ত ৰাজপথত CRPF জোৱানক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা
হত্যাকাণ্ড সংঘটিত কৰি মটৰচাইকেলত অহা দুই দুৰ্বৃত্তৰ নিৰ্বিঘ্নে পলায়ন
CCTVত বন্দী CRPF জোৱানজনক হত্যাৰ চাঞ্চল্যকৰ দৃশ্য

অসম-অৰুণাচল সীমান্তৰ বৰডুমছাত বুধবাৰে সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড। চাওক বজাৰ কৰিবলৈ অহা CRPF জোৱানজনক হত্যা কৰি কিদৰে পলায়ন কৰিছিল দুই হত্যাকাৰীয়ে। বৰডুমছাত কৰ্মৰত উত্তৰ প্ৰদেশৰ CRPF জোৱানৰ নৃশংস হত্যাকাণ্ডক লৈ সীমান্তৱৰ্তী বৰডুমছাত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য। দিনৰ পোহৰতে ব্যস্ত বজাৰত এজন CRPF জোৱানৰ মুকলিকৈ হত্যা কৰাৰ পিছতে প্ৰশ্ন উঠিছিল সাধাৰণৰ ৰাইজৰ নিৰাপত্তাক লৈ। ঘটনাৰ পিছতে তৎপৰতাৰে অভিযান আৰম্ভ কৰে তিনিচুকীয়া আৰক্ষী আৰু CRPF বাহিনীয়ে। তিনিচুকীয়াৰ লগতে অৰুণাচলতো CCTVত বন্দী হোৱা দুই হত্যাকাৰীৰ সন্ধানত অভিযান চলাই আৰক্ষী আৰু CRPFএ। অৱশেষত অৰুণাচলৰ নামচাইৰ পৰা গ্ৰেপ্তাৰ দুই অভিযুক্ত হত্যাকাৰীক। গ্ৰেপ্তাৰ চাও আৰবাই খেন, চাও নাওৱাটা মেইন নামৰ এই দুই যুৱকক।
কিন্তু দুই যুৱকে কিয় হত্যা কৰিলে CRPF জোৱানক?
তদন্তত পোহৰলৈ অহা অনুসৰি
ধৃত দুই যুৱক ড্ৰাগছ সৰবৰাহকাৰী
দীৰ্ঘদিনে অৰুণাচল সীমান্তত ড্ৰাগছৰ বেহা চলাইছিল চাও আৰবাই খেন, চাও নাওৱাটা মেইনে।

গোপন সূত্ৰে দুই ড্ৰাগছ সৰবৰাহকাৰীৰ তথ্য লাভ কৰিছিল মৃত CRPF জোৱানে। সেই তথ্যৰ ভিত্তিতে দুই ড্ৰাগছ সৰবৰাহকাৰীক ধৰিবলৈ বৰডুমছাত অসামৰিক পোছাকত খাপপিটি আছিল জোৱান জনে। মটৰচাইকেলেৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক অহা দেখিয়েই দুয়োকে ৰখাবলৈ চেষ্টা কৰিছিল CRPF জোৱানে। সেই সময়তে দুই ড্ৰাগছসৰবৰাহকাৰীয়ে ডেগাৰেৰে হানি জোৱানজনক হত্যা কৰি পলায়ন কৰে ঘটনাস্থনীৰ পৰা। ইতিমধ্যে ধৃত দুই অৰুণাচলী যুৱকক বৰডুমছা থানাত জেৰা চলাইছে আৰক্ষীয়ে। সমান্তৰালকৈ হত্যাকাণ্ডত ব্যৱহৃত মটৰ চাইকেলখনৰো সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইফালে এই মুকলি হত্যাকাণ্ডৰ প্ৰতিবাদত স্বতঃস্ফূৰ্তভাৱে দোকান পোহাৰ বন্ধ ৰাখে বৰডুমছাৰ ব্যৱসায়ীসকলে। কিন্তু ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ গৈ এজন CRPF জোৱান শ্বহীদ হোৱাৰ পিছত ড্ৰাগছৰ ক’লা সাম্ৰাজ্যৰ মূল সদাগৰ সকলক পুলিয়ে পোখাই উঘালিবলৈ চলিবনে অভিযান। সেইটোহে হৈ পৰিছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...