আফগানিস্তানত কিয় নিষিদ্ধ IPL?

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দ্বিতীয় লেগৰ মেচ দেওবাৰৰ পৰা সংযুক্ত আৰব আমীৰ শ্বাহীত আৰম্ভ হৈছে৷ সমগ্র বিশ্বৰ অনুৰাগীয়ে জনপ্রিয় টি–২০ প্রতিযোগিতাখনৰ মেচৰ আমেজ লৈছে যদিও আফগানিস্তানৰ ক্ৰিকেট অনুৰাগী সকল আই পি এলৰ মেচ উপভোগৰ পৰা বঞ্চিত হৈছে৷

কিয়নো, তালিবানে আফগানিস্তানত নিষিদ্ধ কৰিছে আই পি এল৷ বন্দুকৰ নলীৰে আফগানিস্তানৰ শাসনভাৰ দখল কৰা তালিবানে বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ সম্প্রচাৰ নিষিদ্ধ কৰিছে৷

দেশখনৰ জনপ্রিয় ক্রিকেটাৰ ৰশ্বিদ খান, মহম্মদ নবী আৰু মুজিব–উৰ ৰহমানে প্রতিযোগিতাখনত অংশগ্রহণ কৰিছে যদিও তালিবানে আই পি এলৰ বিষয়বস্তু ইছলামবিৰোধী বুলি মন্তব্য কৰিছে৷ সেয়েহে আফগানিস্তানত প্রতিযোগিতাখনৰ সম্প্রচাৰ বন্ধ কৰা হৈছে৷ মেচৰ সময়ছোৱাত আউলি–বাউলি চুলিৰে চীয়েৰ লীডার্ছে কৰা নৃত্য ইছলামিক সংস্কৃতিৰ পৰিপন্থী বুলি মন্তব্য কৰে তালিবানে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...