টিংকুপানীত সেনা-আৰক্ষীৰ অভিযান | গ্ৰেপ্তাৰ আলফা (স্বা)ৰ কেডাৰ

অসম-অৰুণাচল সীমান্তৰ টিংকুপানীত সেনা-আৰক্ষীৰ অভিযান। আছাম ৰাইফলছ আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ আলফা (স্বা)ৰ কেডাৰ সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম। টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ দলঙৰ সমীপৰ পৰা গ্ৰেপ্তাৰ যাদৱ অসমক। ২০২০ চনত সমীৰণ সোণোৱালে যোগদান কৰিছিল আলফা স্বাধীনত। ধৃত আলফা স্বাধীনৰ কেডাৰজনৰ পৰা এটা বিদেশত নিৰ্মিত পিষ্টল, মেগজিন আৰু সজীৱ গুলী উদ্ধাৰ কৰা হৈছে। যাদৱ অসমৰ পৰা বহু আপত্তিজনক নথি-পত্ৰও উদ্ধাৰ কৰে আৰক্ষীয়ে। সম্প্ৰতি লেখাপানী আৰক্ষীৰ জিম্মাত সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...

আগৰকাৰৰ পিছত কোন? নিৰ্বাচক পদক লৈ চৰ্চাৰ মাজতে শ্ৰীকান্তৰ মন্তব্য

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য...