শাৰদীয় উৎসৱসমূহক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP

◆ পূজামণ্ডপ-পূজাস্থলীত ল’ব লগা বিশেষ ব্যৱস্থাৱলী:
(১) পূজাস্থলী যথেষ্ট আহল-বহল হ’ব লাগিব আৰু কেউফালৰ পৰা মুকলিমূৰীয়াকৈ ৰাখিব লাগিব। যিকোনো দুগৰাকী লোক/দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক’ভিড বিধি অনুসৰণ কৰিব পৰাকৈ প্ৰতিখন পূজাস্থলী/পূজামণ্ডপত যথেষ্ট ঠাই থাকিব লাগিব।
(২) পূজাস্থলী/পূজামণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব। প্ৰৱেশ পথৰ পৰা প্ৰস্থানলৈকে উপযুক্ত ফলক (Signage) দৰ্শনাৰ্থীৰ চকুত পৰাকৈ আয়োজকে আঁৰি ৰাখিব লাগিব।
(৩) পূজাস্থলী/পূজামণ্ডপত একে সময়তে মাত্ৰাধিক জনসমাগম হ’বলৈ দিব নোৱাৰিব।
(৪) দৰ্শনাৰ্থীয়ে ক’ভিড প্ৰট’কল মানি পূজাস্থলী/পূজামণ্ডপত সুশৃংখলিত ভাৱে সোমাব পৰাকৈ আয়োজকসকলে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োজিত কৰিব লাগিব।
(৫) পূজাস্থলী/মণ্ডপত কোনো লোকৰ শৰীৰত সন্দেহজনক ক’ভিড সংক্ৰমণৰ লক্ষণ পৰিলক্ষিত হ’লে আয়োজক সমিতিয়ে ততালিকে এই বিষয়ে জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ লগতে সংশ্লিষ্ট লোকজনক নিকটৱৰ্তী ক’ভিড পৰীক্ষা কেন্দ্ৰলৈ স্থানান্তৰিত কৰিব লাগিব।

◆ আয়োজক, স্বেচ্ছাসেৱক, পূজাৰী, ভক্ত/দৰ্শনাৰ্থীৰ বাবে নিয়মাৱলী:
(১) আয়োজক সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীৰ লগতে ভক্ত-দৰ্শনাৰ্থীসকলে কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা হ’ব লাগিব। এপালিও প্ৰতিষেধক নোলোৱা কোনো লোকেই (বিষয়ববীয়া, স্বেচ্ছাসেৱক, পূজাৰী বা দৰ্শনাৰ্থী) জৰিত হ’ব নোৱাৰিব।
(২) জিলা প্ৰশাসনে অনুমতি প্ৰদানৰ সময়তে আয়োজক সমিতিৰ পৰা বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীয়ে কমেও এপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো Random Checkingৰ দ্বাৰা সুনিশ্চিত কৰিব। অন্যথা অনুমতি দিব নোৱাৰিব।
(৩) কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে পূজা দৰ্শনৰ বাবে আহিব পাৰিব। এপালিও প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ ঊৰ্দ্ধৰ কোনো লোকেই পূজামণ্ডপ/পূজাস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব। এইক্ষেত্ৰত ১৮ বছৰৰ তলৰ সকলৰ বাবে ৰেহাই থাকিব।
(৪) প্ৰতিখন পূজাস্থলী/পূজামণ্ডপৰ প্ৰতিগৰাকী আয়োজক, স্বেচ্ছাসেৱক আৰু পূজাৰীৰ ক্ষেত্ৰত পূজা আৰম্ভণিৰ পূৰ্বে পঞ্চমীৰ দিনা ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক। একাদশীৰ দিনা প্ৰতিমা বিসৰ্জনৰ পাছতো তেওঁলোক প্ৰত্যেকেই পুনৰ ক’ভিড পৰীক্ষা কৰাব লাগিব।

পূজামণ্ডপৰ ভিতৰভাগ আৰু স্বেচ্ছাসেৱকৰ বাবে নিয়মসমূহ:

(১) আয়োজক/পূজা সমিতিসমূহে ক’ভিড প্ৰতিষেধক লোৱা যথেষ্ট সংখ্যক স্বেচ্ছাসেৱকক মণ্পৰ ভিতৰে-বাহিৰে নিয়োজিত কৰিব লাগিব। দৰ্শনাৰ্থীসকলে মাস্ক পৰিধান কৰা, হাত ছেনিটাইজ কৰা আৰু ন্যূনতম শাৰীৰিক ব্যৱধান ৰক্ষা কৰাৰ ক’ভিড বিধি মানি চলাটো স্বেচ্ছাসেৱকসকলে সুনিশ্চিত কৰিব আৰু নিজেও এই বিধি মানি চলিব।
(২) আয়োজকসকলে অঞ্জলি অৰ্পণ, প্ৰসাদ বিতৰণ, সান্ধ্য আৰতিৰ ক্ষেত্ৰত ক’ভিড প্ৰট’কল ৰক্ষা হোৱাকৈ অতি কম সংখ্যক লোকৰ সৰু সৰু গোটত ভাগ কৰি এনে কাৰ্য সম্পন্ন কৰিব।
৩) মণ্ডপৰ ভিতৰত দৰ্শনাৰ্থীসকল যাতে একেস্থানতে ৰৈ নাথাকি এটা দিশত আগবাঢ়ি গৈ থাকে, সেয়া স্বেচ্ছাসেৱকৰ জৰিয়তে আয়োজকে নিশ্চিত কৰিব।

(৪) ‘কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে কেৱল পূজামণ্ডপত প্ৰৱেশৰ অনুমতি’ শীৰ্ষক ফলক পূজামণ্ডপসমূহৰ সকলো ফালেই লগাই ৰাখিব লাগিব।

◆ মাস্ক পৰিধান, হেণ্ড ছেনিটাইজাৰৰ ব্যৱহাৰ:

(১) দৰ্শনাৰ্থী, আয়োজক, স্বেচ্ছাসেৱক সকলোৰে বাবেই মাস্ক পৰিধান বাধ্যতামূলক।

(২) পূজাস্থলী/মণ্ডপৰ প্ৰৱেশ পথত হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা ৰাখিব লাগিব আয়োজকে।

(৩) প্ৰতিদিনে দৰ্শনাৰ্থীৰ প্ৰৱেশৰ পূৰ্বে আৰু নিশা দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধৰ পাছত আয়োজকে পূজাস্থলী/মণ্ডপ দুবাৰ ভালকৈ ছেনিটাইজ কৰিব লাগিব।
◆ পূজাৰ দিনকেইটাত ভক্ত-দৰ্শনাৰ্থীৰ আহ-যাহ বিষয়ক নিয়মাৱলী:

(১) অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এএছডিএমএ)-এৰ সান্ধ্য আইনৰ সময়সীমা সকলোৱেই মানি চলিব লাগিব।

(২) অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পূজামণ্ডপ দৰ্শনাৰ্থীৰ বাবে মুকলি ৰখাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা সকলো আয়োজক/পূজা সমিতিয়ে কঠোৰ ভাৱে মানি চলিব লাগিব। নিশা নিৰ্ধাৰিত সময়ত পূজা মণ্ডপৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি আয়োজক সমিতি সেইদিনাৰ বাবে পূজামণ্ডপৰ কাৰ্যসূচী সামৰাটো জিলা প্ৰশাসনে সুনিশ্চিত কৰিব।
◆ পূজাত সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন আদি বিষয়ত প্ৰযোজ্য হ’ব লগা নিয়ম:

(১) ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজহুৱা জনসমাগমৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা অনুসৰি দূৰ্গাপূজাৰ আগে-পাছে বা পূজাৰ কেইদিনত সাংস্কৃতিক সন্ধিয়া আদি কাৰ্যসূচীৰ আয়োজনত কঠোৰ বাধানিষেধ প্ৰযোজ্য হ’ব।

(২) আয়োজক সমিতি বা আন কোনেও পূজাস্থলীৰ বাহিৰত বা সমীপত কোনো মেলা আদি পাতিব নোৱাৰিব।
(৩) পূজামণ্ডপৰ সমীপৰ পথত দোকান আদি খুলিবলৈ জিলা প্ৰশাসনৰ পৰা আগতীয়া অনুমতি ল’ব লাগিব। ক’ভিড বিধি কাৰ্যকৰী কৰিহে প্ৰশাসনে অনুমতি দিব।
◆ পূজা মণ্ডপ মুকলি অনুষ্ঠান আৰু প্ৰতিমা বিসৰ্জন সম্পৰ্কীয় নিয়মাৱলী:

(১) আয়োজক সমিতিয়ে ক’ভিড প্ৰট’কল ৰক্ষা কৰি দূৰ্গাপূজা মণ্ডপৰ উদ্বোধনী অনুষ্ঠান আৰু প্ৰতিমা বিসৰ্জন পৰ্ব তেনেই সাধাৰণ ভাৱে সম্পন্ন কৰিব লাগিব। পৰাপক্ষত ভাৰ্চুৱেল পদ্ধতিৰেই মণ্ডপ উদ্বোধন কৰাটোৱেই হ’ব সুৰক্ষিত পন্থা।

(২) ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অনুমতি দিয়া সীমিত সংখ্যক লোকৰ দ্বাৰা দাঙিব পৰাকৈ প্ৰতিমাৰ আকাৰো যথাসম্ভৱ সীমিত কৰি ৰাখিব লাগিব আয়োজক সমিতিয়ে।

(৩) প্ৰতিমা বিসৰ্জনৰ বাবে ঘাটসমূহ আগতীয়াকৈ ছেনিটাইজ কৰি ৰাখিব লাগিব আৰু আয়োজক সমিতিয়ে মণ্ডপৰ প্ৰতিমা উলিয়াই নি আন ক’তো নৰখোৱাকৈ পোনে পোনে নিৰ্দিষ্ট ঘাটতত বিসৰ্জন দিব লাগিব।
(৪) বিসৰ্জনৰ বাবে জিলা প্ৰশাসনে আগতীয়াকৈ যথোচিত পৰিকল্পনা প্ৰস্তুত কৰিব আৰু প্ৰত্যেক আয়োজক সমিতিক আগতীয়াকৈ বিসৰ্জনৰ সময় নিৰ্ধাৰণ কৰি দিব। পূজা মণ্ডপৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজন হ’লে বিসৰ্জন পৰ্ব দুদিন বা ততোধিক দিনত সম্পন্ন কৰাৰ বাবে আগতীয়া সিদ্ধান্ত ল’ব প্ৰশাসনে।

(৫) ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পূজা আয়োজক সমিতিসমূহৰ বাবে ধাৰ্য কৰা সীমিত সংখ্যক লোকেহে প্ৰতিমা বিসৰ্জনত ভাগ ল’ব পাৰিব।

(৬) বিসৰ্জনস্থলীত নিয়োজিত স্বেচ্ছাসেৱক আৰু শ্ৰমিকসকলৰ সকলোৱেই ক’ভিড প্ৰতিষেধক লোৱা লোক হ’ব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...