২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

অহা ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান। প্ৰতিটো শ্ৰেণীকোঠাত থাকিব পাৰিব ৩০জনকৈ ছাত্ৰ-ছাত্ৰী। প্ৰয়োজনত বৃদ্ধি কৰা হ’ব পাৰে শ্ৰেণীকোঠাৰ শাখাৰ সংখ্যা। পৰ্যায়ক্ৰমে আৰম্ভ হ’ব আন শ্ৰেণীৰো পাঠদান।  আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মেলত এই কথা জানিবলৈ দিয়ে।

লগতে, শিক্ষামন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে প্ৰতিজন শিক্ষাৰ্থী আৰু শিক্ষকে ক’ভিড বিধি মানি চলিব লাগিব।উল্লেখ্য যে, যোৱা এপ্রিল মাহৰ মাজভাগৰ পৰা ৰাজ্যখনত আৰম্ভ হোৱা ক’ভিডৰ দ্বিতীয় ঢৌৰ পৰিপ্রেক্ষিতত যোৱা আগষ্ট মাহলৈ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পাঠদান সম্পূর্ণৰূপে বন্ধ হৈ আছিল। শেহতীয়াকৈ ৰাজ্যখনত ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ পৰিপ্রেক্ষিতত চৰকাৰে যোৱা এক ছেপ্টেম্বৰৰ পৰা আন্তঃজিলা যাতায়াত ব্যৱস্থা মুকলি কৰাৰ লগতে পূর্বৰ বাধ্যবাধকতাসমূহ যথেষ্ট শিথিল কৰি দিয়ে। আনকি যোৱা ৬ ছেপ্টেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিক–স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বর্ষৰ শ্রেণীসমূহৰ পাঠদান প্রক্রিয়াও শিক্ষানুষ্ঠানত আৰম্ভ কৰে। এতিয়া চৰকাৰে দশম আৰু একাদশ শ্রেণীৰ পাঠদান শিক্ষানুষ্ঠানত আৰম্ভ কৰিব বুলি শিক্ষামন্ত্রী ডাঃ পেগুৱে কৰা মন্তব্যত ছাত্র–ছাত্রী, অভিভাৱকসকলৰ লগতে শিক্ষকসকলো উৎসাহিত হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীৰ...