UPLAৰ ৮বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ সমাপ্তি

পৰিসমাপ্তি ঘটিল UPLAৰ ৮বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ। বোকাজানৰ বালিপথাৰৰ এক ভিতৰুৱা অঞ্চলত থকা সংগঠনটোৰ শিবিৰত এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে UPLAৰ শীৰ্ষ নেতাসকলে। ৬টাকৈ উগ্ৰপন্থী সংগঠনেৰে হোৱা কাৰ্বি চুক্তিৰ পিছত বোকাজানত থকা UPLAৰ এই মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় সংগঠনটোৰ এই সংবাদমেল। সংবাদমেলত উপস্থিত থাকে সভাপতি, সম্পাদক, মুখ্য সেনাধ্যক্ষ, বৈদেশিক সচিবকে ধৰি UPLAৰ আন শাৰ্ষ নেতাসকল। যোৱা ৪ ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ ৬টা উগ্ৰপন্থী সংগঠনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দিল্লীত এক শান্তি চুক্তিত স্বাক্ষৰ কৰি মূল সূঁতিলৈ উভতি আহে। কাৰ্বি আংলঙক সুকীয়া স্বায়ত্ব শাসিত ৰাজ্যৰ লগতে আন কেইবাটাও দাবীক লৈ ২০১৩ৰ ২ ফেব্ৰুৱাৰীত কাৰ্বি পাহাৰত আত্মপ্ৰকাশ ঘটিছিল UPLAৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...

আগৰকাৰৰ পিছত কোন? নিৰ্বাচক পদক লৈ চৰ্চাৰ মাজতে শ্ৰীকান্তৰ মন্তব্য

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য...

টেলিকম কোম্পানীক লৈ কঠোৰ TRAI; প্ৰয়োজন নথকা ডাটাৰ বাবে গ্ৰাহকে ভৰিব নালাগে অতিৰিক্ত ধন

মোবাইল গ্ৰাহকৰ বাবে বিশেষকৈ ফিচাৰ ফোন ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ...

বিশ্বৰ মহাকাশ দৌৰত ভাৰতৰ নতুন লক্ষ্য

মহাকাশ ক্ষেত্ৰত বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰতে। ২০৩০ চনৰ...