গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হ’ব ভূপেন্দ্ৰ পেটেল

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৃহৰাজ্য গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হ’ব ভূপেন্দ্ৰ পেটেল। ভূপেন্দ্ৰ পেটেলে বিজয় ৰুপানীৰ ঠাইত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। কেন্দ্ৰীয় পৰ্যবেক্ষক নৰেন্দ্ৰ সিং তোমাৰ আৰু প্ৰহ্লাদ যোশী আৰু দলৰ সাধাৰণ সম্পাদক তৰুণ চাউগৰ উপস্থিতিত দেওবাৰে আবেলি ৰাজ্যিক বিজেপিৰ বিধায়কসকলৰ এখন বৈঠকত ঘাটলোডিয়াৰ বিধায়ক ভূপেন্দ্ৰ পেটেলৰ নাম প্ৰস্তাৱ কৰা হয়।

শনিবাৰে প্রধানমন্ত্রী মোদীৰ সৈতে চর্দাৰধাম ভৱনকে ধৰি বিভিন্ন উন্নয়নমূলক কামৰ মুকলি অনুষ্ঠানত অংশগ্রহণ কৰাৰ কেইঘণ্টামান পাছতেই মুখ্যমন্ত্রী ৰুপানীয়ে পদত্যাগ কৰে। বিধানসভা নির্বাচনৰ বাবে মাজত প্রায় ডেৰ বছৰ থকাৰ সময়তে মুখ্যমন্ত্রী ৰূপানীৰ পদত্যাগে দেশৰ ৰাজনীতিত ব্যাপক চর্চা লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...