মঙল গ্ৰহত পোৱা গৈছে প্রথমটো শিলৰ টুকুৰা

নাছাৰ পার্ছেভাৰেঞ্চ ৰ’ভাৰে অৱশেষত দুটাকৈ শিলৰ নমুনা সংগ্রহ কৰিবলৈ সক্ষম হৈছে মঙল গ্ৰহত৷ বিগত কিছুদিন ধৰি শিলৰ নমুনা সংগ্রহত পার্ছেভাৰেঞ্চ ৰ’ভাৰ ব্যর্থ হ’লেও যোৱা ৬ ছেপ্তেম্বৰত প্রথমটো শিলৰ নমুনা সংগ্রহ কৰিবলৈ সক্ষম হোৱাৰ পিছত আঠ ছেপ্তেম্বৰতো আন এটা শিলৰ টুকুৰা সংগ্রহ কৰে। ৬ ছেপ্টেম্বৰত সংগ্রহ কৰা শিলৰ নমুনাটোৰ নাম ‘মণ্টডেনিয়াৰ’ আৰু ৮ ছেপ্টেম্বৰত সংগ্রহ কৰা দ্বিতীয়টো শিলৰ টুকুৰাৰ নাম ‘মণ্টাগনেক’৷

এই সংগৃহীত শিলৰ নমুনাৰ বিতং অধ্যয়নৰ জৰিয়তে মঙল গ্ৰহত জীৱৰ অস্বিত্বৰ সম্ভেদ লাভ কৰাৰ সম্ভাৱনা আছে। নাছাৰ মঙল অভিযানৰ প্রকল্প বিজ্ঞানী কেন ফার্লিয়ে প্রকাশ কৰা মতে, প্রথম শিলৰ নমুনাত জীৱৰ বসবাস কৰা পৰিৱেশৰ সম্ভাৱনা আছে। দক্ষিণ কেলিফ’র্নিয়াৰ নাছাৰ জেট প্রপালছন লেবৰেটৰীৰ বিজ্ঞানীজনে শিলৰ নমুনাত দীর্ঘদিন ধৰি বিজ্ঞানীসকলে ধাৰণা কৰি অহা পানীৰ সম্ভেদো লাভ কৰাৰ সম্ভাৱনা আছে বুলি কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...