তালিবান চৰকাৰ : প্রথমবাৰৰ বাবে বিবৃতি প্রকাশ কৰিলে ভাৰতে

তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰ পৰিস্থিতিক লৈ প্রথমবাৰৰ বাবে বিবৃতি প্রকাশ কৰিলে ভাৰতে। অষ্ট্রেলিয়াৰ বিত্তমন্ত্রী আৰু প্রতিৰক্ষা মন্ত্রীৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰে আফগানিস্তানক লৈ বিবৃতি প্রকাশ কৰে। কেন্দ্রীয় বৈদেশিক মন্ত্রী জয়শংকৰে কয় যে, সন্ত্রাসবাদী সংগঠনৰ দ্বাৰা আফগানিস্তানত গঠন কৰা নতুন চৰকাৰত নিষিদ্ধ সন্ত্রাসবাদী গোটৰ অন্তর্ভুক্তিয়ে নতুন দিল্লীক উদ্বিগ্ন কৰিছে। অর্থাৎ তালিবান চৰকাৰক লৈ উদ্বিগ্ন ভাৰত।

উল্লেখ্য যে, অষ্ট্রেলিয়াৰ বিত্তমন্ত্রী আৰু প্রতিৰক্ষা মন্ত্রীৰ ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰ আৰু প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ মাজত বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দুয়োখন দেশে আফগানিস্তানৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্রকাশ কৰে। তেনেদৰে প্রশান্ত মহাসাগৰীয় অঞ্চলৰ লগতে পূৱ আৰু দক্ষিণ চীন সাগৰক লৈও বিতং আলোচনাৰ সময়ত এই অঞ্চল দুটা মুক্ত আৰু সুৰক্ষিত কৰি ৰখাৰ বাবে সহমত প্রকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...