নিমাতীঘাট Tragedy : কাৰ আশীৰ্বাদত বলীয়ান পানীৰাম কলিতা?

মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পিছতেই এতিয়া তৎপৰ হৈ পৰিছে যোৰহাট আৰক্ষী। শনিবাৰে নিশা নিমাতী দুৰ্ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰে ৯জন লোকক। বুধবাৰে বিয়লি ৰাজ্য কঁপাই যোৱা ফেৰী দুৰ্ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে আটক কৰে ৯জনকৈ লোকক। আটকাধীন লোক কেইজন হৈছে ফেৰীখনৰ গুৰিয়াল ধনবৰ দাস, ঘাটৰ সহায়ক যোগেন দত্ত, আই ডাব্লিউ টিৰ মাষ্টাৰ ৰোল কৰ্মচাৰী বিজু কুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা আৰু বাবুল চন্দ্ৰ নেওগ। এই আটাইকেজনৰ বিৰুদ্ধে ইতিমধ্যে যোৰহাট আৰক্ষীয়ে কেচ নং ১৯৩৩/২১ আই পি চি ৩০৪ ধাৰাত এক ফৌজাদাৰী গোচৰ ৰুজু কৰিছে। ইপিনে, মাজুলী আৰক্ষী থানাই ঘটনা সন্দৰ্ভত মা কমলা ফেৰীখনৰ আন ৩জন লোকক আটক কৰিছে। ধৃত লোককেইজন হ’ল ইঞ্জিনচালক বদন দত্ত, গুৰিয়াল প্ৰশান্ত পামেগাম আৰু কালেক্টৰ বিপুল বৰা। উল্লেখ যে বৃহস্পতিবাৰে মূখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নিমাতী ঘাটৰ দুৰ্ঘটনাত আহত হোৱা সকলৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত খবৰ ল’বলৈ আহি যোৰহাট আৰক্ষীক নিৰ্দেশ দিছিল এই ঘটনাৰ লগত জড়িত সকলক চিনাক্ত কৰি গোচৰ ৰুজু কৰিবলৈ। কিন্তু ঘটনাৰ লগত বহু প্ৰতিপত্তিশীল ব্যক্তি জড়িত থকাৰ অভিযোগ ইতিমধ্যে স্থানীয় ৰাইজে কৰি আহিছে। তদুপৰি এই সকল ব্যক্তিৰ ৰজাঘৰীয়াৰ সৈতেও এক সুসম্পর্ক থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এতিয়া প্ৰশ্ন যে যোৰহাট আৰক্ষীয়ে এই সকল সাধাৰণ লোকক আটক কৰিয়েই নিজৰ তদন্ত সামৰিব নে অভিযোগ উঠাৰ দৰে এই ঘটনাৰ লগত জড়িত প্ৰতিপত্তিশীল ব্যক্তি সকলকো এনেদৰে আইনৰ কাষ চাপিবলৈ বাধ্য কৰাব? ইফালে ডুবি যোৱা ফেৰীখনৰ গৰাকী পানীৰাম কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে যদিও এইপৰ্যন্ত মাজুলী তথা যোৰহাটৰ প্ৰতিপত্তিশালী ব্যৱসায়ীজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...