কাইলৈ অসমলৈ আহিব জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা

কাইলৈ পৰা ২ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা। এই ভ্ৰমণকালত জনজাতীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ জনজাতীয় লোকসকলৰ সৱলীকৰণৰ বাবে প্ৰস্তুত কৰা MFP, VDVK আৰু ট্ৰাইফুড ৰূপায়ণৰ অগ্ৰগতিৰ ওপৰত পৰ্যালোচনা কৰিব। তেওঁৰ সৈতে ট্ৰাইফেডৰ পৰিচালনা সঞ্চালক প্ৰবীৰ কৃষ্ণা আৰু ট্ৰাইফেডৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। দুদিনীয়া ভ্ৰমণকালত মুণ্ডাই অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ সৈতে বৈঠকত মিলিত হ’ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসমৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী, মুখ্য সচিব আৰু প্ৰধান সচিব আৰু অন্যান্য ৰাজ্যিক বিষয়াসকলৰ লগতো বিশেষ আলোচনাত মিলিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...